মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনলৈ মাজতে ১২ দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। শাসক-বিৰোধীৰ বিভিন্ন শীৰ্ষ নেতাৰ সমান্তৰালকৈ এইবাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
আজি ধূলেত প্ৰথমখন বিশাল জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই আপোনালোকক আশ্বাস দিছো যে মহাৰাষ্ট্ৰত যোৱা ডেৰ-দুবছৰত যেনেধৰণৰ উন্নয়ন হৈছিল সেই উন্নয়নৰ ধাৰা বন্ধ হ’বলৈ দিয়া নহ’ব।
অহা ৫ বছৰত মহাৰাষ্ট্ৰক অন্য এক দিশলৈ লৈ যাব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মহা বিকাশ অঘাড়ীৰ না চকা আছে না ব্ৰেক আছে আৰু চালকৰ আসনখনৰ বাবেও খোৱা কামোৰা চলি আছে’।
ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, ‘মহাৰাষ্ট্ৰৰ প্ৰতি থকা মোৰ আত্মীয়তাৰ বিষয়ে আপোনালোকে ভালদৰেই জানে। যেতিয়াই মহাৰাষ্ট্ৰৰ পৰা কিবা এটা বিচাৰিছো, মহাৰাষ্ট্ৰৰ ৰাইজে মোক অন্তৰেৰে আশীৰ্বাদ দিছে। ২০১৪ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত আপোনালোকৰ মাজলৈ আহিছিলো… মহাৰাষ্ট্ৰত বিজেপি চৰকাৰৰ বাবে অনুৰোধ কৰিছিলো। আপোনালোকে মহাৰাষ্ট্ৰৰ ১৫ বছৰীয়া ৰাজনৈতিক কুচক্ৰ ভাঙি বিজেপিক অভূতপূৰ্ব জয়ৰ দিশে আগুৱাই লৈ গ’ল। আজি আকৌ এবাৰ ধুলেৰ ভূমিলৈ আহিছো। মই ধুলেৰ পৰাই মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো।’
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘সকলোৱে নিজৰ নিজৰ লক্ষ্য লৈ ৰাজনীতিত প্ৰৱেশ কৰে। আমাৰ দৰে মানুহ জনসাধাৰণৰ সেৱা কৰিবলৈ ৰাজনীতিত আহিছে, আনহাতে একাংশই জনসাধাৰণক লুটিবলৈ ৰাজনীতিত আহে। ৰাইজক লুণ্ঠনৰ উদ্দেশ্য থকা মহা অঘাড়ীৰ দৰে মানুহ যেতিয়া ক্ষমতালৈ আহে তেতিয়া উন্নয়ন বন্ধ কৰি প্ৰতিটো আঁচনিতে দুৰ্নীতিত লিপ্ত হয়।’
‘জালিয়াতিৰে চৰকাৰ গঠন কৰা মহা অঘাড়ীৰ ডেৰ-দুবছৰীয়া কাৰ্যকাল আপোনালোকে দেখিছে। এই লোকসকলে প্ৰথমে চৰকাৰক লুটলে আৰু তাৰ পিছত মহাৰাষ্ট্ৰৰ জনতাকো লুটিবলৈ ধৰিলে। এই লোকসকলে মেট্ৰ’ প্ৰকল্প বন্ধ কৰি দিলে, ৱাধৱন বন্দৰৰ কামত বাধা দিলে… মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ যোৱা প্ৰতিটো আঁচনি মহা অঘাড়ীৰ লোকে বন্ধ কৰি দিলে’, এইদৰে বিৰোধীক চোকা ভাষাৰে সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।