শনিবাৰে বিহাৰৰ ভাগলপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ১৫ মিনিটৰ ভিতৰতে এজন এজনকৈ তিনিজন লোকৰ মৃত্যু হয়। মৃত তিনিওজনেই একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে স্বামী, পত্নী আৰু ভায়েক।
জগদীশপুৰ থানা এলেকাৰ মোদীনগৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা অনুসৰি, শৌচাগাৰত পাইপ স্থাপন কৰি থকাৰ সময়ত এটা লোহাৰ সঁজুলি টেংকত পৰি যায় আৰু সেই সঁজুলি উঠাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।
ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।
লাভ কৰা তথ্য অনুসৰি পুনীত যাদৱ নামৰ এজন ব্যক্তিয়ে প্ৰথমে টেংকত প্ৰৱেশ কৰে, কিন্তু শ্বাসৰুদ্ধ হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়, তাৰ পিছত তেওঁক উদ্ধাৰৰ বাবে পুনীতৰ পত্নীও টেংকৰ ভিতৰলৈ সোমাই যায়, তাৰ পিছত তেওঁৰো মৃত্যু হয়।
ইয়াৰ পিছত মৃত পুনীতৰ ভায়েকেও টেংকৰ ভিতৰলৈ সোমাই যায় আৰু তেওঁৰো টেংকৰ ভিতৰতে মৃত্যু হয়। দুৰ্ঘটনাৰ পিছত পৰিয়ালটোৰ মাজত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।
মৃত যুৱক লোক কেইজনক ৩৫ বছৰীয়া পুনীত যাদৱ, তেওঁৰ ৩৩ বছৰীয়া পত্নী শ্বাখো দেৱী আৰু তেওঁৰ ৪৫ বছৰীয়া ভায়েক দিননাথ যাদৱ বুলি চিনাক্ত কৰা হৈছে।