আন্তৰ্জাতিক অপৰাধ আদালতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু দেশখনৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টৰ লগতে হামাছৰ এজন সামৰিক অধিনায়কৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।
গাজাৰ নাগৰিকৰ সৈতে অমানৱীয় কাণ্ড কৰাৰ লগতে গাজাৰ নাগৰিকক খোৱা পানী, খাদ্য, চিকিসা সেৱাত বাধা দিয়াৰ বাবে শিশুৰ মৃত্যু হোৱাৰ লগতে আন জনসাধাৰণে বিভিন্ন সংকটৰ সন্মুখীন হোৱা বুলি অভিযোগ তুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে জানি বুজি নাগৰিকসকলক লক্ষ্য কৰি লৈছিল আৰু জৰুৰী সহায় প্ৰদানত বাধা প্ৰদান কৰাৰ পৰ্যাপ্ত তথ্য লাভ কৰা বুলিও আন্তৰ্জাতিক অপৰাধ আদালতে উল্লেখ কৰে।
ইফালে ইজৰাইলৰ ৰাষ্ট্ৰপতি ইছহাক হাৰ্জোংগে আন্তৰ্জাতিক অপৰাধ আদালতে নিৰ্দেশ দিয়া গ্ৰেপ্তাৰী পৰোৱানা ন্যায় ব্যৱস্থাৰ বাবে ক’লা দিন বুলি অভিহিত কৰিছে। ন্যায়ৰ হৈ যুঁজ দি আত্মবলিদান দিয়া লোকসকলক ভেঙুচালি কৰা হৈছে এই নিৰ্দেশৰ জৰিয়তে।
উল্লেখ্য যে, এৰেষ্ট ৱাৰেণ্ট জাৰি কৰা হামাছ নেতা মহম্মদ জাইফৰ ইতিমধ্যেই ইজৰাইলী সেনাৰ আক্ৰমণত মৃত্যু হোৱা বুলি দাবী জনাইছিল। কিন্তু হামাছে এই কথা এতিয়াও নিশ্চিত কৰা নাই।