অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ’ব চাৰিজনকৈ মন্ত্ৰী। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে নতুনকৈ চাৰিজন মন্ত্ৰীয়ে মন্ত্ৰীসভাত স্থান পাব বুলি ৰাজহুৱা কৰে।
মুখ্যমন্ত্ৰীৰ নতুন মন্ত্ৰীসভাত স্থান পোৱা মন্ত্ৰী কেইগৰাকী হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড়ৰ পৰা চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈ অহা প্ৰশান্ত ফুকন, বৰাকৰ লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা।
এই চাৰিজন বিধায়কৰ নাম ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই আটাই কেইজনকে ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এই বিধায়ক কেইজনে অহা ৭ ডিচেম্বৰৰ দুপৰীয়া ১২ বজাত ৰাজভৱনত শপত ল’ব। এই কথা ইতিমধ্যেই বুধবাৰে দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত সংবাদমেলযোগে জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।