বিগত ১ অক্টোবৰৰ পৰা মুকলি হোৱা কাজিৰঙা পৰ্যটনে অতিক্ৰম কৰিলে দুটা মাহ। এই দুটা মাহতে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙালৈ সোঁত বৈছে পৰ্যটকৰ। বিগত দুটা মাহত কাজিৰঙাৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ উদ্যানখনলৈ অহা দেশী-বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৮১,০৬৮ গৰাকী। ইয়াৰে ৩,৪২৫ গৰাকী হ’ল বিদেশী পৰ্যটক।
অক্টোবৰ মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত পৰ্যটকৰ সংখ্যা ২৯,৫৭৯ৰ পৰা ৫১,৪৮৯লৈ বৃদ্ধি পোৱা বুলি তথ্যত প্ৰকাশ পাইছে।
দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাইছে ৰাজহ। বিগত দুটা মাহত পৰ্যটকৰ পৰা উদ্যানখনে সংগ্ৰহ কৰিছে ১,৪৬,৬০,০৮৫ টকা।
উল্লেখ্য যে, শেহতীয়াকৈ সোণালী বাঘ তথা বাঘ পৰ্যটনে সমাদৰ লাভ কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত। ইফালে, চলিত পৰ্যটন বৰ্ষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত সংযোগ হোৱা বিশ্বনাথ আৰু বুঢ়াচাপৰিত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা।