বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোৱেই জ্ঞাত। তাত সংখ্যালঘুসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।
ইয়াৰ সমান্তৰালকৈ তেওঁলোকৰ ওপৰত অহৰহ অত্যাচাৰো কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰততো বহু ঠাইত প্ৰতিবাদৰ দৃশ্য দেখা গৈছে। বাংলাদেশৰ সীমান্তৱৰ্তী অসমৰ জিলাকেইখনত ব্যাপক প্ৰতিবাদৰ ছবি পোহৰলৈ আহে।
বাংলাদেশত ইস্কনৰ পুৰোহিত চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ পিছত সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। ক্ৰমবৰ্ধমান অত্যাচাৰৰ বিৰুদ্ধে ভাৰতৰ বহু অঞ্চলত প্ৰতিবাদ অব্যাহত আছে।
বৰাক উপত্যকাৰ হোটেল আৰু ৰেষ্টুৰেণ্টত এতিয়া বাংলাদেশী গ্ৰাহকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ব্যৱসায়ীসকলে কয় যে, সংখ্যালঘু জনগোষ্ঠীৰ লোকৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে কোনো বাংলাদেশীকে কোনো ধৰণৰ সহায় আগবঢ়োৱা নহ’ব।
বৰাক উপত্যকা অঞ্চলত কাছাৰ, শ্ৰীভূমি (পূৰ্বতে কৰিমগঞ্জ) আৰু হাইলাকান্দি তিনিখন জিলা অন্তৰ্ভুক্ত। এই উপত্যকাটোৱে বাংলাদেশৰ চিলেট অঞ্চলৰ সৈতে ১২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমাৰেখা ভাগ কৰে। হোটেল আৰু ৰেষ্টুৰেণ্ট নিষেধাজ্ঞাৰ পূৰ্বে শ্ৰীভূমি জিলাৰ আমদানি-ৰপ্তানি সংস্থাই বাংলাদেশৰ সৈতে সকলো বাণিজ্যিক সম্পৰ্ক স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল।
বৰাক ভেলীৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনৰ সভাপতি বাবুল ৰায়ে কয় যে, বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ পৰিস্থিতি চিন্তনীয়। গতিকে তেওঁলোকে সিদ্ধান্ত লৈছে যে, যেতিয়ালৈকে পৰিস্থিতিৰ উন্নতি নহয় আৰু হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ নহয়, তেতিয়ালৈকে আমি বৰাক উপত্যকাৰ তিনিখন জিলাত চুবুৰীয়া দেশৰ কোনো নাগৰিকক আতিথ্য নিদিয়ে। তেওঁ লগতে কয় যে, এইটোৱেই তেওঁলোকৰ প্ৰতিবাদ প্ৰকাশৰ পদ্ধতি।
তেওঁ কয় যে, বাংলাদেশৰ জনসাধাৰণে যাতে দেশলৈ স্থিতিশীলতা ঘূৰি আহে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যদি পৰিস্থিতিৰ উন্নতি হয়, তেতিয়াহে তেওঁলোকে সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিব পাৰিব।
শেহতীয়াকৈ ত্ৰিপুৰাত অল ত্ৰিপুৰা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ মালিক সন্থায়ো ৰেষ্টুৰেণ্টসমূহত বাংলাদেশী লোকক খাদ্য পৰিবেশন কৰিবলৈ অস্বীকাৰ কৰিছিল। হোটেল আৰু ৰেষ্টুৰেণ্টৰ সদস্যসকলৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ পূৰ্বে আই এল এছ হাস্পতালে চুবুৰীয়া দেশখনত সংখ্যালঘু লোকৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদত বাংলাদেশৰ কোনো ৰোগীক চিকিৎসা নকৰাৰ কথা ঘোষণা কৰিছিল।