বৰ্তমান ৰাছিয়াত মুছলমানলোকৰ মাজত বহুবিবাহৰ বিষয়টো এক চৰ্চিত বিষয় হৈ পৰিছে। ইয়াৰ সৰ্ববৃহৎ মুছলমান সংগঠনটোৱে মুছলমানক একাধিক পত্নী ৰখাৰ ফতোৱা প্ৰত্যাহাৰ কৰিছে।
ৰাছিয়াৰ প্ৰচিকিউটৰ জেনেৰেলৰ কাৰ্যালয়ে ১৭ ডিচেম্বৰত ৰাছিয়াৰ মুছলমানসকলৰ ধৰ্মীয় সংগঠনৰ বিশেষজ্ঞৰ পৰিষদ ‘কাউন্সিল অৱ স্কোলাৰছ অৱ স্পিৰিচুৱেল এডমিনিষ্ট্ৰেচন অৱ মুছলিমছ অৱ ৰাছিয়া’ (ডি ইউ এম)ৰ দ্বাৰা জাৰি কৰা নথিখনক বৈধ বুলি গণ্য কৰিছে।
মুছলমান সংগঠনটোৱে মুছলমানসকলক এই চৰ্তত চাৰিগৰাকী পত্নীৰ অনুমতি দিছিল, যদিহে তেওঁলোকে ধৰ্মীয়ভাৱে বিবাহত আৱদ্ধ হয় আৰু প্ৰতিগৰাকী পত্নীক জীয়াই থাকিবলৈ সমান স্থান প্ৰদান কৰে। পিছলৈ এই চৰ্ত প্ৰত্যাহাৰ কৰা ফতোৱাত মুছলমান পুৰুষক তেওঁলোকৰ সকলো পত্নীকে “সমান সময়” দিবলৈ অনুৰোধ কৰা হৈছে।
ৰাছিয়াৰ মুছলমান সংগঠনসমূহে ৰাষ্ট্ৰপতি পুটিনৰ ভয়ত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে। মুছলমানসকলে এগৰাকীতকৈ অধিক পত্নী ৰখাটো হৈছে ৰাছিয়াৰ বিবাহ সম্পৰ্কীয় আইন উলংঘা কৰা। ইয়াৰ পূৰ্বে ৩ জুলাইত ৰাছিয়াত বোৰ্খাও নিষিদ্ধ কৰা হৈছিল। ৰাছিয়াৰ ডাগেস্তানত গীৰ্জাক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হোৱাৰ পিছতেই বোৰ্খা নিষিদ্ধ কৰা হয়। এই আক্ৰমণত ২২ জন লোকৰ মৃত্যু হয়।
ইফালে ৰাছিয়াত বহুবিবাহৰ অনুমতি দিয়াৰ সন্দৰ্ভত ৰাছিয়াৰ এগৰাকী বিষয়াই কয় যে, ৰাছিয়াৰ আইনত ধৰ্মীয় বিবাহৰ অনুমতি নাই। ৰাছিয়াৰ ১০ শতাংশ জনসংখ্যাহে মুছলমান। বহু ক্ষেত্ৰত তেওঁলোকৰ সংখ্যা অধিক। ৰাছিয়াৰ যিবোৰ অঞ্চলত মুছলমান জনসংখ্যা অধিক, সেইবোৰৰ ভিতৰত চেচেনিয়া, দাগেস্তান আৰু ইংগুছেটিয়া অন্যতম।
উল্লেখ্য যে, ইছলামত বহুবিবাহৰ অনুমতি আছে। শ্বৰীয়ত আইন অনুসৰি, এগৰাকী মুছলমান ব্যক্তিয়ে ৪বাৰ বিবাহ-পাশত আৱদ্ধ হব পাৰে। কিন্তু ইয়াৰ বাবে ইছলামত বহু চৰ্ত নিৰ্ধাৰণ কৰা হৈছে। চৰ্ত হ’ল ৪বাৰকৈ বিবাহ কৰা ব্যক্তিগৰাকীয়ে চাৰিওগৰাকী পত্নীৰ সৈতে ন্যায় কৰা উচিত। চাৰিওগৰাকীকে সমান বুলি ধৰিব লাগিব।