গোলকগঞ্জত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ঘটনা অনুসৰি গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ সিৰাজুল হকৰ পুত্ৰৰ সৈতে উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল। পিছে যুৱতীগৰাকীৰ পিতৃৰ অসন্মতিৰ বাবে ১৪ ডিচেম্বৰৰ সন্ধিয়া পিতা-পুত্ৰই লগ-লাগি অপহৰণ কৰে যুৱতীগৰাকীক। গোলকগঞ্জৰ বিন্নাচৰাৰ এঘৰত ৰাখি যুৱকজনৰ পিতৃয়ে পুত্ৰৰ হতুৱাই যুৱতীগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰায়।
ইফালে এই ঘটনাৰ ন্যায় বিচাৰি বিন্নাচৰাৰ এগৰাকী পঞ্চায়ত সদস্যৰ কাষ চাপে। ১৮ ডিচেম্বৰত বিন্নাচৰাৰ পঞ্চায়ত সদস্যগৰাকীয়ে যুৱতীগৰাকীৰ পিতৃক মাতি নি মীমাংসাৰ নামত দাবী কৰে ১০ হাজাৰ টকা। টকা দিবলৈ অমান্তি হোৱাত নিশাতে কন্যাক উভোতাই নিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতেই কন্যাক এৰি পিতৃ গোলকগঞ্জ থানাত উপস্থিত হয়। কিন্তু গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতা এজাহাৰ ল’বলৈ অস্বীকাৰ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালটোক দাবী-ধমকি দি ঘুৰাই পঠিয়ায়।অৱশ্যে পিছলৈ আৰক্ষীয়ে এজাহাৰ লয় যদিও, এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে।