দেশৰ জনসাধাৰণৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন আঁচনি। চৰকাৰে দেশৰ বিভিন্ন ৰাইজৰ বাবে বিভিন্ন ধৰণৰ আঁচনি লৈ আহে। দেশৰ আধাতকৈ অধিক জনসংখ্যাই খেতি আৰু কৃষিৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে।
কৃষকৰ বাবেও আছে কেন্দ্ৰীয় চৰকাৰৰ বহু আঁচনি। দেশৰ বহু কৃষকে এতিয়াও খেতিৰ জৰিয়তে বিশেষ লাভালাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। এনে কৃষকক অৰ্থনৈতিক সুবিধা প্ৰদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰিছিল।
এই আঁচনিৰ জৰিয়তে চৰকাৰে দেশৰ কোটি-কোটি কৃষকক প্ৰদান কৰি আহিছে আৰ্থিক সাহায্য। এই আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতিবছৰে লাভ কৰে ৬০০০কৈ টকা। বছৰটোত চাৰিটা কিস্তিত প্ৰদান কৰে এই ধন।
এই আঁচনিৰ অধীনত এতিয়ালৈকে কৃষকসকলে লাভ কৰিছে ১৮টা কিস্তি। এতিয়া ১৯ নম্বৰ কিস্তিৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে কৃষকসকল। কিন্তু এইবাৰ ১৯ নম্বৰ কিস্তিৰ ধন সকলো কৃষকে নাপায়। কিয়নো এই আঁচনিৰ পৰা বাদ পৰিব বহু কৃষক।
যিসকল কৃষকে এতিয়ালৈকে KYC সম্পূৰ্ণ কৰা নাই। হিতাধিকাৰীৰ তালিকাৰ পৰা সেই কৃষকৰ নাম আঁতৰোৱা হ’ব। ইয়াৰ উপৰি যিসকল কৃষকে মাটিৰ পৰীক্ষণো কৰা নাই সেই সকল হিতাধিকাৰীৰো তালিকাৰ পৰা নাম আঁতৰোৱা হ’ব।
যদিহে আপোনালোকে এই দুয়োটা কাম কৰা নাই তেন্তে অতি শীঘ্ৰে এই কাম দুটা কৰক আৰু কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ সুবিধা গ্ৰহণ কৰক।