দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী তথা লিবাৰেল পাৰ্টিৰ নেতা জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰে। দৰাচলতে কানাডাত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, চাকৰিৰ অভাৱ আৰু মন্দাৱস্থাৰ বাবেই ট্ৰুডোৰ বিৰোধিতা কৰা হৈছিল।
ইফালে কানাডাৰ লিবাৰেল পাৰ্টিৰ বহু নেতাইও বিচাৰিছিল যে, ট্ৰুডোৱে নিজৰ পদ এৰি দিয়ক, যাতে ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ পদৰ বাবে দলটোৱে নতুন মুখ লাভ কৰিব পাৰে।
ইফালে কানাডাৰ সাম্ভাৱ্য নেতাসকলৰ ভিতৰত আছে- বেংক অৱ ইংলেণ্ড আৰু বেংক অৱ কানাডাৰ প্ৰাক্তন গৱৰ্ণৰ মাৰ্ক কাৰ্নি, বৈদেশিক মন্ত্ৰী মেলানি জলী আৰু প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ড।
ইফালে পদত্যাগ পত্ৰ দি ট্ৰুডোৱে কয় যে- তেওঁৰ এটায়ে দুখ থাকি গল যে এই বছৰৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কানাডাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন কৰাত ব্যৰ্থ হৈছে। দেশত নিজৰ চৰকাৰ নিৰ্বাচনৰ ধৰণ সলনি কৰিব নোৱাৰাতো তেওঁৰ এটা ডাঙৰ আক্ষেপ।