• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক’লা হীৰাৰ ছিণ্ডিকেটক লৈ কম্পন ডিমা হাছাওৰ ৰাজনীতি; ৰাজপথত নামিল বিজেপি

Nation NE by Nation NE
January 9, 2025
in Top News, BIG BREAKING, অসম
0 0
ক’লা হীৰাৰ ছিণ্ডিকেটক লৈ কম্পন ডিমা হাছাওৰ ৰাজনীতি; ৰাজপথত নামিল বিজেপি
Share on FacebookShare on TwitterWhatsApp

উমৰাংছ’ৰ তিনি কিলোৰ কয়লাখনিত সংঘটিত ভয়ংকৰ ঘটনাক লৈ হঠাতে পাহাৰীয়া জিলা ডিমা হাছাওৰ ৰাজনীতিত উঠিছে কম্পন। ক’লা হীৰাৰ ছিণ্ডিকেটক কেন্দ্ৰ কৰি তল-ওপৰ হৈছে ডিমা হাছাওৰ ৰাজনীতি। উমৰাংছ’ৰ কয়লাখনিত সংঘটিত হোৱা শোকাৱহ ঘটনাক লৈ সৰৱ হৈ পৰিছে সংবাদ মাধ্যম।

বিৰোধী দলসমূহে উমৰাংছ’ত থকা কয়লাখনিসমূহত অবৈধভাৱে খনন চলাই থকাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে ডিমা হাছাওৰ ৰাজপথত হাজাৰ-হাজাৰ বিজেপি নেতা-কৰ্মীয়ে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।

এই প্ৰতিবাদৰ কাৰণ দেৱলাল গাৰ্লোছা। অভিযোগ উঠিছে ডিমা হাছাওত চলি থকা অবৈধ কয়লা খনন। আৰু এই অবৈধ কয়লাক লৈ গঢ়ি উঠা ভয়ংকৰ ছিণ্ডিকেটৰ আঁৰৰ মূল ব্যক্তিজন স্বয়ং উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা বুলি খোদ বিজেপিৰ নেতা-কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে।

এই সন্দৰ্ভত বিজেপি নেতা সমৰজিৎ হাফলংবাৰে সংবাদ মাধ্যমৰ আগত কয়, ‘গোটেই ব্যৱস্থাটো ইয়াত জড়িত আছে। চৰকাৰে এখন ট্ৰাকৰ পৰা ২২ হাজাৰ মান টকা পায় আৰু বাকী ১ লাখৰো অধিক টকা দেৱলাল গাৰ্লোছা আৰু তেওঁৰ সহযোগীসকলৰ পকেটত সোমায়। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতো কাৰ ছত্ৰছায়াত এইধৰণৰ ছিণ্ডিকেট চলি আছে তাৰ সমগ্ৰ তদন্ত চৰকাৰে কৰা উচিত আৰু ইয়াৰ সৈতে জড়িত লোকক শাস্তি প্ৰদান কৰিব লাগে।’

উল্লেখ্য যে, শেহতীয়াকৈ উমৰাংছ’ৰ কয়লা খাদত সংঘটিত ভয়ংকৰ অঘটনৰ লগে লগে কেতবোৰ অবাঞ্ছিত সত্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, উমৰাংছ’ৰ যিটো কয়লা খাদত অঘটন ঘটিছে সেয়া আছিল অবৈধ খাদ। সেই স্থানত কয়লা খননৰ বাবে ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ অনুমোদন নাই। কেৱল এয়াই নহয়, গাৰ্লোছা পত্নী কণিকা হোজাইৰ নামত AMDCL ৰ পৰা খননৰ যি অনুমতি আছে, সেই এলেকাৰ বাহিৰতো উমৰাংছ’ৰ য’তে ত’তে গাৰ্লোছা বাহিনীয়ে অবৈধভাৱে গঢ়ি তুলিছে অসংখ্য খাদ।

সৰ্বত্ৰে উত্থাপিত হোৱা অভিযোগ অনুসৰি, এনে খাদৰ পৰা অবৈধভাৱে নিতৌ অবাধ হাৰত চলাই গৈছে কয়লাৰ মুক্ত খনন। এনেদৰে কোটি কোটি টকা ৰাজহ চৰকাৰক ফাঁকি দি নিজে সীমাহীন ধন-সম্পত্তিৰ গৰাকী হৈ উঠিছে কোনো অজ্ঞাত শক্তিৰ আশীৰ্বাদপুষ্ট দেৱলাল গাৰ্লোছা আৰু তেওঁৰ সোঁৱে-বাঁৱে থকা একাংশ।

ৰহস্যজনক কথাটো ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ অনুমোদন নোহোৱাকৈ, ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কেৱল উমৰাংছ’তে নহয় ডিমা হাছাওৰ য’তে ত’তে অবৈধ কয়লা খননত জড়িত হৈ আছে গাৰ্লোছা বাহিনী। এই কথা শাসক-বিৰোধী সকলোৰে মুখত।

উমৰাংছ’ৰ ট্ৰেজেদীৰ পিছত এই লৈ পুনৰ সৰৱ হৈ পৰিছে সকলো পক্ষ। বিৰোধীৰ সমানেই এতিয়া শাসক দলটোৰ হাজাৰ হাজাৰ নেতা-কৰ্মী ওলাই আহিছে ৰাজপথলৈ। কয়লা ছিণ্ডিকেটৰ সমান্তৰালকৈ এতিয়া দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে অসংখ্য অভিযোগ বিজেপিৰ। দল বিৰোধী কাৰ্যকলাপতো জড়িত থকাৰ গুৰুতৰ অভিযোগ দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে। শ-শ কোটি টকাৰ লুণ্ঠনৰ গুৰুতৰ অভিযোগ গাৰ্লোছাৰ বিৰুদ্ধে।

হাজাৰ হাজাৰ বিঘা চৰকাৰীভূমি দখলৰ অভিযোগো গাৰ্লোছাৰ বিৰুদ্ধে। গাৰ্লোছাৰ বিৰুদ্ধে নিজৰ পচন্দৰ ঠিকাদাৰক বিল আদায় দিয়াৰ বিপৰীতে বহু ঠিকাদাৰে পাবলগা ২০০ কোটি টকা অনাদায় কৰি ৰখাৰো অভিযোগ আছে। এনে অসংখ্য অভিযোগ তুলি শীঘ্ৰেই গাৰ্লোছাক অপসাৰণৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দাখিল কৰিছে খোদ বিজেপিৰে ডিমা হাছাওৰ এটা মণ্ডল কমিটিয়ে।

ইফালে তৃণমূলৰ সাংসদ সুস্মিতা দেৱেও উমৰাংছ’ ট্ৰেজেদী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰে। সাংসদ দেৱে কয়, ‘মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলৰ জৰিয়তে এইটো কথা স্পষ্ট কৰিব দিব লাগে যে দুৰ্ঘটনা সংঘটিত হোৱা কয়লা খাদটো বা আন খাদসমূহ বৈধ নে অবৈধ। লগতে এই খাদসমূহৰ মালিক কোন সেয়াও স্পষ্ট কৰি দিয়ক।’

এনেই এজনক গ্ৰেপ্তাৰ কৰিছে, কিন্তু প্ৰকৃত গৰাকীৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। অবৈধ খননত চৰকাৰৰো হাত আছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি সাংসদ সুস্মিতা দেৱে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই সকলো কথা ৰাজহুৱা কৰিব লাগে বুলি দাবী কৰে।

ইয়াৰ উপৰি উমৰাংছ’ৰ দৰে এই ঘটনা যাতে ভৱিষ্যতে সংঘটিত নহয় তাৰ বাবেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই তৃণমূলৰ সাংসদগৰাকীৰ।

উল্লেখ্য যে, তিনিদিন পূৰ্বে উমৰাংছ’ তিনি কিলো কয়লাখনিত সংঘটিত অঘটনত এতিয়াও ৮ জন শ্ৰমিক সন্ধানহীন হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি এই পৰ্যন্ত খনিটোৰ পৰা উদ্ধাৰ হৈছে চাৰিজনৰ মৃতদেহ। এন ডি আৰ এফ, এছ ডি আৰ এফৰ লগতে বহিঃৰাজ্যৰ পৰা অহা বিশেষজ্ঞৰ দলেও সন্ধানহীন হৈ থকা শ্ৰমিক কেইজনৰ উদ্ধাৰৰ বাবে অব্যাহত ৰাখিছে অভিযান।

Tags: BJPCoal MiningDebolal GorlosaDima HasaoProtestsSushmita DevUmrangso

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…
Top News

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

December 15, 2025
মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?
Top News

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

December 15, 2025
ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025