মঙলবাৰে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত স্নান কৰিবলৈ গৈছিল গা ধুই আছিল এন চি পি (শৰদ ফৈদৰ) নেতা মহেশ কোথে। এই সময়ছোৱাত তেওঁৰ হাৰ্ট এটেক হয়। যাৰ বাবেই তেওঁ জীৱনৰ শেষ-নিশ্বাহ ত্যাগ কৰে।
৬০ বছৰীয়া মহেশ কোথে মহাৰাষ্ট্ৰৰ সোলাপুৰ পৌৰ নিগমৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বুধবাৰে শেষকৃত্যৰ বাবে তেওঁৰ নিথৰ দেহ সোলাপুৰলৈ লৈ যোৱা হয়।
জানিব পৰা গৈছে যে, এই ঘটনা পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হৈছে। মহেশ কোঠে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে ত্ৰিবেণী সংগমত স্নান কৰি আছিল। সেই অৱস্থাতে তেওঁৰ হাৰ্ট এটেক হয়। ইয়াৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
উল্লেখ্য যে, বিগত বৰ্ষত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত মহেশ কোথে বিজেপিৰ বিজয় দেশমুখৰ বিৰুদ্ধে সোলাপুৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। অৱশ্যে এই নির্বাচনত তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়৷ এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে তেওঁৰ এই মৃত্যুত শোক প্ৰকাশ কৰিছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত তেওঁ কয় যে, তেওঁৰ পুৰণি সহকৰ্মী মহেশ কোঠে প্ৰয়াগৰাজত শেষ নিশ্বাস ত্যাগ কৰে। সোলাপুৰৰ সামাজিক আৰু ৰাজনৈতিক দৃশ্যপটত তেওঁৰ প্ৰভাৱ যথেষ্ট আছিল। তেওঁৰ মৃত্যুৰ লগে লগে সোলাপুৰে হেৰুৱাই এজন নিষ্ঠাবান কৰ্মী।