প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনাৰৰ ভাট্টা সংশোধন কৰিবলৈ অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনায়।
মন কৰিবলগীয়া যে ২০১৬ চনত সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল আৰু ২০২৬ চনত ইয়াৰ কাৰ্যকাল অন্ত পৰিব। বৈষ্ণৱে কয় যে অষ্টম আয়োগৰ বাবে শীঘ্ৰে অধ্যক্ষ আৰু দুজন সদস্যক নিযুক্তি দিয়া হ’ব।
মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হৈছে।
দৰমহা আয়োগ কি?
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰতি ১০ বছৰৰ মূৰে মূৰে কৰ্মচাৰীৰ দৰমহা, ভাট্টা আৰু অন্যান্য সুবিধাসমূহ সংশোধন কৰে। ইয়াৰ বাবে এখন সমিতি গঠন কৰা হয়, যাক কেন্দ্ৰীয় দৰমহা আয়োগ বোলা হয়। এই আয়োগে মুদ্ৰাস্ফীতি আৰু অন্যান্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দৰমহা বৃদ্ধিৰ পৰামৰ্শ দিয়ে।