কামৰূপৰ চাংসাৰিত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত আন এখন ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত থিতাতে এজন নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে ট্ৰাকখনৰ চালকৰ লগতে সহায়কজনক প্ৰায় এঘণ্টা সময় চেষ্টা কৰাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ লগতে স্থানীয় লোকে।
এই শিহৰণকাৰী দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে HR 58 D0411 আৰু AS 01 FC 3123।
ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগত ট্ৰাকসমূহ চলাচল কৰাৰ ফলতেই এনেধৰনৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।