উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। মহাকুম্ভৰ ১৯ নং ছেক্টৰত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰা গৈছে।
হঠাতে হোৱা অগ্নিকাণ্ডৰ ফলত বহু তম্বু জ্বলি যোৱাৰ লগতে বহু লোক অগ্নিদগ্ধ হোৱাৰো খবৰ আহিছে। অৱশ্যে এই পৰ্যন্ত নিশ্চিত তথ্য পোহৰলৈ অহা নাই।
ইফালে অগ্নিকাণ্ডৰ ফলত মেলা চলি থকা অঞ্চলত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি এই জুইৰ ফলত শিবিৰত থকা বহু চিলিণ্ডাৰত বিস্ফোৰণ ঘটিছে।
এই জুই ইমানেই ভয়াৱহ যে বহু নিলগৰ পৰা ইয়াৰ ধোঁৱা প্ৰত্যক্ষ কৰা দেখা যায়। অৱশ্যে লগে লগে সেই স্থানত উপস্থিত হৈছে আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া।
ইয়াৰ উপৰি কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপনৰ কামত নিয়োজিত হৈ আছে। বৰ্তমান কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা নাই।
উল্লেখ্য যে, এই পৰ্যন্ত মহা কুম্ভ টেণ্ট চিটিত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত ২০ৰ পৰা ২৫ টা টেণ্ট জ্বলি যোৱাৰ খবৰ পোৱা গৈছে। স্বস্তিকা গেটৰ সমীপত আৰু ৰে’ল দলঙৰ তলত থকা আখৰাত অগ্নিকাণ্ড সংঘটিত হৈছে।
একে সময়তে অগ্নিনিৰ্বাপক বাহিনীয়ে ১৯ নং ছেক্টৰৰ অঞ্চলটো ছীল কৰি দিছে। এতিয়াও চিলিণ্ডাৰ বিস্ফোৰণ হৈ থকা বুলি জানিব পৰা গৈছে।
অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ৩০ খনৰো অধিক বাহনে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে। প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি প্ৰশাসনে জনায়।