সমাগত গণতন্ত্ৰ দিৱস। এই গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথিৰূপে বৃহস্পতিবাৰে নিশা নতুন দিল্লীত উপস্থিত হয় ইণ্ডোনেচিয়াৰ মহামহিম ৰাষ্ট্ৰপতি প্ৰবো চুবিয়ান্ত।
ভাৰত চৰকাৰৰ হৈ আনুষ্ঠানিক আদৰণি জনাই ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।
ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি প্ৰবো চুবিয়ান্তো। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে ব্যাপক কৌশলগত অংশীদায়িত্ব আৰু অধিক শক্তিশালী কৰিব বুলি কেন্দ্ৰীয় চৰকাৰ আশাবাদী।