ছিৰিয়াৰ উত্তৰ আলেপ্পো প্ৰদেশত কুৰ্দি নেতৃত্বাধীন ছিৰিয়ান ডেম’ক্ৰেটিক ফৰ্চৰ আক্ৰমণত তুৰ্কীৰ ৯ জন জোৱানে প্ৰাণ হেৰুৱাৰ লগতে ১১ জন আহত হয়।
এই আক্ৰমণ তুৰ্কীৰ সামৰিক ঘাটিক লক্ষ্য কৰি সংঘটিত কৰা হৈছিল। শুকুৰবাৰে ছিৰিয়াৰ মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই এই তথ্য প্ৰদান কৰে।
মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা অনুসৰি, ২৩ জানুৱাৰীত আল-হোছাৰিয়া অঞ্চলত এছডিএফে তুৰ্কীৰ ঘাটিত আক্ৰমণ চলায়। তদুপৰি, মানবিজৰ দক্ষিণে অৱস্থিত আটছানা গাঁৱত থকা সামৰিক সমাৱেশতো এছ ডি এফে আক্ৰমণ চলায়।
অৱশ্যে সেই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানেও স্পষ্ট হোৱা নাই। উত্তৰ আৰু পূব ছিৰিয়াৰ এছডিএফৰ ওপৰত তুৰস্ক আৰু ইয়াৰ মিত্ৰ গোটসমূহে বাৰে বাৰে কৰা আকাশ আৰু স্থল আক্ৰমণেৰে প্ৰতিশোধ হিচাপে এই আক্ৰমণ কৰা যেন দেখা গৈছে।
ছিৰিয়াৰ মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা মতে, ২০২৪ চনৰ ১২ ডিচেম্বৰৰ পৰা এছডিএফ আৰু তুৰ্কী সমৰ্থিত দলসমূহৰ মাজত শত্ৰুতা বৃদ্ধি পোৱাৰ পিছত ৫১ জন সাধাৰণ নাগৰিককে ধৰি মুঠ ৪৮৩ জন লোকৰ প্ৰাণহানি হৈছে।