প্ৰতি ১২ বছৰৰ মূৰে মূৰে আয়োজন কৰা হয় কুম্ভ মেলাৰ। মহা কুম্ভক আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠান হিচাপে গণ্য কৰা হয়। কুম্ভ মেলালৈ আগমণ ঘটে লাখ লাখ ভক্তৰ। কোৱা হয় যে যিয়ে কুম্ভ স্নান কৰে, তেওঁৰ সকলো পাপ মোচন হয়। কেৱল এয়াই নহয়, ভক্তজনৰ সকলো মনো কামনাও পূৰণ হয় বুলি বিশ্বাস কৰা হয়।
মহা কুম্ভৰ সময়ত বিশেষ পূজা, যজ্ঞ, আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। সংগম নগৰী প্ৰয়াগৰাজত ২০২৫ চনৰ ১৩ জানুৱাৰী অৰ্থাত পৌষ পূৰ্ণিমাৰ পৰা আৰম্ভ হৈছে মহা কুম্ভ।
এতিয়া মহা কুম্ভ মেলাৰ আঁৰৰ কাহিনীৰ লগতে মহা কুম্ভৰ ধৰ্মীয় তাৎপৰ্যৰ বিষয়ে জানো আহক
মহা কুম্ভৰ সৈতে জড়িত পৌৰাণিক কাহিনী
পৌৰাণিক কাহিনী অনুসৰি যেতিয়া দেৱতা আৰু অসুৰৰ মাজত সাগৰীয় মন্থন হৈছিল, তেতিয়া সাগৰৰ মন্থনৰ সময়ত ভগৱান ধন্বন্তৰি অমৃত কুম্ভৰ পাত্ৰ লৈ আবিৰ্ভাৱ হৈছিল। দেৱতাৰ সংকেতত ইন্দ্ৰৰ পুত্ৰ জয়ন্তই অমৃতেৰে ভৰা পাত্ৰটো লৈ দৌৰিবলৈ ধৰিলে আৰু অসুৰবোৰে জয়ন্তৰ পিছে পিছে দৌৰিবলৈ ধৰে। অমৃত কলহ লাভৰ বাবে বাৰ দিন ধৰি দেৱতা-অসুৰৰ মাজত ভয়ংকৰ যুদ্ধ হৈছিল। দেৱতাৰ এটা দিন মানুহৰ বাৰ বছৰৰ সমান বুলি বিশ্বাস কৰা হয়। এই যুদ্ধৰ সময়ত পাত্ৰৰ পৰা অমৃতৰ টোপাল সৰি পৰা ঠাইত কুম্ভ মেলা অনুষ্ঠিত হয়। প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়িনী আৰু নাশিক এই চাৰিটা স্থানত অমৃতৰ টোপাল পৰিছিল। সেয়ে এই চাৰিটা স্থানত কুম্ভ মেলাৰ আয়োজন কৰা হয়।
মহা কুম্ভৰ গুৰুত্ব
মহা কুম্ভত স্নান কৰিলে ভক্তৰ সকলো পাপ মোচন হয় বুলি লোক বিশ্বাস চলি আহিছে। কেৱল এয়াই নহয় কুম্ভত স্নান কৰিলে সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ইয়াৰ উপৰি কুম্ভ মেলাক আধ্যাত্মিক জ্ঞান, সাংস্কৃতিক বিনিময় আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। আধ্যাত্মিক জ্ঞান আৰু মানসিক শান্তিৰ বাবেও মানুহে কুম্ভ মেলালৈ আহে।
উল্লেখ্য যে মহা কুম্ভত নগা সাধুৰ পৰা আন বিভিন্ন মহান সাধু আহে, যাৰ আশীৰ্বাদ ল’বলৈ দূৰ-দূৰণিৰ ভক্তই মহা কুম্ভ মেলাত ভিৰ কৰেহি।