গণৰাজ্য দিৱসৰ দিনাই ছবি উদ্যোগৰ পৰা আহিছে এটা দুখৰ খবৰ। মালায়লম ছবি উদ্যোগৰ চিৰপৰিচিত হাস্যমধুৰ ছবি নিৰ্মাতা ছফিয়ে শনিবাৰে ইহলীলা সম্বৰণ কৰে। ৫৬ বছৰত ইহসংসাৰ ত্যাগ কৰে জনপ্ৰিয় ছবি নিৰ্মাতাগৰাকীয়ে।
এখন ৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰকাশিত খবৰ অনুসৰি, ১৬ জানুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈছিল আৰু তাৰ পিছৰে পৰা কোচিস্থিত এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ছফি। চিকিৎসাধীন অৱস্থাতে ২৫ জানুৱাৰী অৰ্থাত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ছবি নিৰ্মাতাগৰাকীয়ে।
জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰিছিল আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল। জৰুৰীকালীনভাৱে ব্ৰেইনৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল।
মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ যায়।
উল্লেখ্য যে, ছবি নিৰ্মাতাগৰাকীৰ প্ৰকৃত নাম ৰছিদ এমএচ। তেওঁ অনুৰাগীসকলৰ মাজত ছফি বুলি পৰিচিত আছিল। ১৯৬৮ চনত এৰ্নাকুলমৰ পুল্লেপডীত জন্ম হৈছিল তেওঁৰ।
কল্যাণৰমন, পুলিৱাল কল্যাণমৰ দৰে কেইবাখনো হিট ছবি উপহাৰ দিছিল দৰ্শকক।