দেওবাৰে মুকলি কৰা হয় অভিনেতা তথা ৰাজনীতিবিদ থালাপতি বিজয়ৰ শেষৰখন ছবিৰ টাইটেলৰ লগতে দুখন ভিন্ন ৰূপী পোষ্টাৰ। ছবিখনৰ নিৰ্মাতাই মুকলি কৰা পোষ্টাৰ দুখনৰ এখনত অভিনেতাগৰাকীয়ে ভিৰৰ মাজত চেলফি লোৱা দেখা গৈছে। আনহাতে দ্বিতীয়খন ছবিত চাবুক চলাই থকা দেখা পোৱা গৈছে। এইচ বিনোদৰ পৰিচালিত ছবিখনৰ নাম হৈছে ‘জন নায়গণ’।
জয় নায়গণ ছবিখন থালাপতি বিজয়ৰ কেৰিয়াৰৰ ৬৯ সংখ্যক ছবি। ৰাজনীতিৰ জৰিয়তে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে তেওঁ ছবি জগত এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ছবিখনৰ নিৰ্মাতাই কেভিএন প্ৰডাকচনৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে ছবিখনৰ বহু প্ৰত্যাশিত ফাৰ্ষ্ট লুক পোষ্টাৰখন শ্বেয়াৰ কৰে। পোষ্টাৰখনৰ কেপচনত নিৰ্মাতাসকলে লিখিছে, We are calling it Jan Nayagan, Thalapathy 69 First Look।
উল্লেখ্য যে, থালাপতি বিজয়ে ‘জন নায়গণ’ত অভিনেত্ৰী পূজা হেগড়েৰ সৈতে পৰ্দাত দেখা পোৱা যাব। পূজা হেগড়েৰ লগতে ছবিখনত ববি দেউল, গৌতম বাসুদেৱ মেনন, প্ৰকাশ ৰাজ, নাৰায়ণ, প্ৰিয়মণি, মমিতা বাইজু, মনিছা ব্লেছী আৰু ভৰলক্ষ্মী সাৰথকুমাৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ১৭ অক্টোবৰত তামিল, তেলেগু ভাষাৰ লগতে হিন্দী ভাষাতো ছবিগৃহত মুক্তি পাব ‘জন নয়গান’।