ইৰাণত নিৰুদ্দেশ হৈছে ভাৰতৰ তিনিজন নাগৰিক। ব্যৱসায়ৰ বাবে ইৰাণলৈ গৈছিল এই তিনিজন লোক। ঘটনাৰ তথ্য প্ৰকাশ কৰি বিদেশ মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে, ইৰাণত তিনিজন ভাৰতীয় নাগৰিক নিৰুদ্দেশ হৈছে আৰু ভাৰতে তেহৰাণৰ সৈতে এই বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, ‘দিল্লীত থকা ইৰাণৰ দূতাবাস আৰু তেহৰাণত থকা ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ সৈতে এই বিষয়টো আলোচনা কৰা হৈছে।’
নিৰুদ্দেশ হোৱা সাধাৰণ নাগৰিকৰ সন্ধান আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ইৰাণৰ সহায় বিচৰা হৈছে। নিৰুদ্দেশ হৈ থকা লোকৰ পৰিয়ালৰ সৈতে আমি যোগাযোগত আছো। এই লোকসকল ব্যৱসায়ৰ বাবে ইৰাণলৈ গৈছিল। এই কথা জনাই বৈদেশিক মন্ত্ৰালয়ে।