কাইলৈ অৰ্থাত ৫ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুৱা প্ৰায় ১১ বজাত তেওঁ ত্ৰিৱেণী সংগমত পবিত্ৰ স্নান কৰি মা গংগাক পূজা কৰিব।
১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ। ইয়াক বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান বুলি গণ্য কৰা হয়, য’ত সমগ্ৰ বিশ্বৰ ভক্তসকলে অংশগ্ৰহণ কৰিছে। ২৬ ফেব্ৰুৱাৰী অৰ্থাত মহাশিৱৰাত্ৰিলৈ চলি থাকিব মহাকুম্ভ।
প্ৰধানমন্ত্ৰী মোদীৰ সম্পূৰ্ণ সূচী
১) দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদানৰ মাজতে কুম্ভ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
২) নতুন দিল্লীৰ পৰা ৰাতিপুৱা ৯:১০ বজাত ৰাওনা হ’ব আৰু ১০:০৫ বজাত প্ৰয়াগৰাজৰ বামৰৌলি বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী।
৩) তেওঁ বিমানবন্দৰৰ পৰা হেলিকপ্টাৰযোগে পুৱা ১০:৩৫ বজাত মহাকুম্ভ অঞ্চলৰ ডি পি এছ খেলপথাৰত অৱস্থিত হেলিপেডত অৱতৰণ কৰিব।
৪) পুৱা ১০:৪৫ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে আৰেল ঘাটত উপস্থিত হ’ব।
৫) আৰেল ঘাটৰ পৰা নিশাদ ৰাজ ক্ৰুজত উঠি সংগমত উপস্থিত হ’ব।
৬) সংগমত ত্ৰিবেণীৰ ধাৰাত স্নান কৰিব।
৭) ত্ৰিবেণীত স্নান কৰি গংগা পূজা কৰিব।
৮) সংগমত সাধুসকলক সাক্ষাত কৰাৰ এক কাৰ্যসূচীও প্ৰস্তাৱ কৰা হৈছে।
৯) ইয়াৰ পিছত অক্ষয়ৱত দৰ্শন কৰিব।
১০) অক্ষয়ৱতৰ পাছত হনুমান মন্দিৰত প্ৰাৰ্থনা কৰিব।
মহাকুম্ভৰ পৰা ওলাই আহি পুনৰ ডি পি এছ খেলপথাৰৰ পৰা বিমানবন্দৰলৈ আহিব আৰু তাৰ পৰা নতুন দিল্লীলৈ উভতিব।
উল্লেখ্য যে, শেষবাৰ ২০২৪ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।