বয়স বাঢ়ি অহাৰ লগে লগে নাৰীক বিভিন্ন ৰোগে আগুৰি ধৰে। বিশেষকৈ ৰজোনিবৃত্তিৰ (পিৰিয়ড বন্ধ হোৱা)পিছত ৰোগ বাঢ়িবলৈ আৰম্ভ কৰে। ৰজোনিবৃত্তিৰ পিছত মহিলাৰ হৃদৰোগৰ সম্ভাৱনাও বহুগুণে বৃদ্ধি পায়।
বিশেষজ্ঞসকলৰ মতে, সৰহসংখ্যক মহিলাৰ ৰজোনিবৃত্তিৰ পিছতহে হাৰ্ট এটেক আৰু হৃদযন্ত্ৰ বন্ধ হৈ পৰে। এক গৱেষণাৰ পৰা দেখা গৈছে যে, ৪৫ বছৰ বয়সৰ পিছত মহিলাৰ হৃদৰোগৰ সম্ভাৱনা পূৰ্বতকৈ অধিক আৰু ই ৰজোনিবৃত্তিৰ সৈতে জড়িত।
ৰজোনিবৃত্তি হৈছে মহিলাৰ ক্ষেত্ৰত হোৱা এক স্বাভাৱিক প্ৰক্ৰিয়া। যেতিয়া মহিলাৰ মাহেকীয়া বন্ধ হয়, তেতিয়া ইয়াক ৰজোনিবৃত্তি বুলি কোৱা হয়। ইয়াৰ পিছত মহিলাৰ প্ৰজনন ক্ষমতা কমিবলৈ আৰম্ভ কৰে।
সাধাৰণতে ৫০ বছৰ বয়সৰ পিছত এনে হয় যদিও কিছুমানৰ ক্ষেত্ৰত ৪৫ৰ পৰা ৫০ বছৰৰ ভিতৰতো হ’ব পাৰে। ৰজোনিবৃত্তিৰ পিছত মহিলাৰ ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম’নৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। এনে হ’লে শৰীৰত বহুতো ৰোগৰ আশংকা বাঢ়ি যায়।
দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে বুজাই দিয়ে যে, শৰীৰত ইষ্ট্ৰজেনৰ অভাৱৰ বাবে ৰক্তনলীবোৰ কঠিন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে হৃদযন্ত্ৰৰ শিৰাত ব্লক গঠন হ’বলৈ আৰম্ভ কৰে।
যিহেতু ইষ্ট্ৰজেন হৰম’নে ধমনীবোৰক নমনীয় কৰি ৰাখে, গতিকে ইয়াৰ হ্ৰাসৰ পিছত ধমনীবোৰৰ নমনীয়তা পূৰ্বৰ তুলনাত হ্ৰাস পাবলৈ আৰম্ভ কৰে। এই কাৰণসমূহৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
ডাঃ অজিত জৈনে বুজাই যে, ৰজোনিবৃত্তিৰ পিছত মহিলাৰ বিপাকীয় ক্ৰিয়াও লেহেমীয়া হ’ব পাৰে। ইয়াৰ বাবেই মহিলাসকল মেদবহুলতাৰ বলি হয়। যিটো হৃদৰোগৰ বাবে এটা প্ৰধান বিপদজনক কাৰক। ইয়াৰ উপৰিও ৫০ বছৰ বয়সৰ পিছত মহিলাসকলেও কলেষ্টেৰল বৃদ্ধি আৰু হৃদযন্ত্ৰৰ সিৰা বন্ধ হোৱাৰ সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে। এই দুয়োটা হাৰ্ট এটেকৰ কাৰণো হ’ব পাৰে।
গতিকে ৰজোনিবৃত্তিৰ পিছত মহিলাসকলে নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন। মহিলাসকলে খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ। খাদ্যত শুকান ফল নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰা উচিত। পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো জৰুৰী। ইয়াৰ বাহিৰেও নিমখ, আটা আৰু চেনিৰ ব্যৱহাৰ কম কৰা উচিত। ধূমপান বা মদ সেৱন বৰ্জন কৰিব লাগে।