আই পি এল ২০২৫ৰ পূৰ্বে এটা ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে। আই পি এলত আত্মপ্ৰকাশ কৰিয়েই অৰ্থাত ২০২২ চনত চেম্পিয়ন হোৱা গুজৰাট টাইটানছৰ দলটোৱে নতুন মালিক লাভ কৰিব।
আহমেদাবাদস্থিত টৰেণ্ট গ্ৰুপে এতিয়া এই ফ্ৰেঞ্চাইজিৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তেওঁ দলটোৰ ৬৭ শতাংশ অংশীদাৰিত্ব চিভিচি কেপিটেল পাৰ্টনাৰ্ছ (ইৰেলিয়া কোম্পানী প্ৰাইভেট লিমিটেড)ৰ পৰা ক্ৰয় কৰিব। ২০২১ চনত চিভিচি কেপিটেলে দলটো ক্ৰয় কৰিছিল।
অৱশ্যে এতিয়াও আই পি এল গভৰ্নিং কাউন্সিলৰ পৰা সেউজ সংকেত পোৱা নাই আৰু টৰেণ্ট গ্ৰুপে ইয়াৰ বাবে অপেক্ষা কৰি আছে। আগন্তুক ছিজনৰ পূৰ্বে টৰেণ্ট গ্ৰুপক নিয়ন্ত্ৰণ ল’বলৈ দিয়া হ’ব পাৰে।
উল্লেখ্য যে, ২১ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ২০২৪ চনত গুজৰাট টাইটানছৰ দলে অধিনায়ক সলনি কৰিছিল। ইয়াৰ পূৰ্বে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দলৰ চেম্পিয়ন হোৱাৰ পিছত পুনৰ মুম্বাই ইণ্ডিয়ানছৰ সৈতে যোগদান কৰিছিল। এতিয়া মাত্ৰ এবছৰৰ পিছত ফ্ৰেঞ্চাইজিটোৱে নতুন মালিক পাব।