গাজা সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পৰ বক্তব্যৰ পিছতেই ৫ খন মুছলমান দেশ এতিয়া গাজাৰ বিষয়ত একত্ৰিত হৈছে। ড’নাল্ড ট্ৰাম্পে গাজাৰ বিষয়ে কৈছিল যে, গাজাক আমেৰিকাৰ নিয়ন্ত্ৰণলৈ অনা ল’ব।
ইয়াৰ পিছতেই এতিয়া ২০ ফেব্ৰুৱাৰীত ছৌদি আৰৱত এক শীৰ্ষ সন্মিলন আয়োজন কৰা হ’ব। এই সন্মিলনত ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ গাজা দখলৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হ’ব।
জৰ্ডানৰ ৰাষ্ট্ৰপতিক সাক্ষাতৰ পিছতেই ড’নাল্ড ট্ৰাম্পে কয় যে, আমেৰিকাই গাজাত শান্তি বিচাৰে। গাজাত বাস কৰা লোকসকলক জৰ্ডান বা আন মুছলমান দেশলৈ স্থানান্তৰিত কৰা হ’ব আৰু আমেৰিকাই গাজাৰ দ্বায়্ত্বি ল’ব। ট্ৰাম্পে লগতে কয় যে, যদি এই প্ৰস্তাৱ সকলোৰে গ্ৰহণযোগ্য হয়, তেন্তে আমেৰিকাই ইজিপ্তকো দেশখনৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব।
২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ছৌদি আৰৱৰ এই শীৰ্ষ সন্মিলনত চৌদি আৰৱৰ লগতে ইজিপ্ত, জৰ্ডান, কাটাৰ আৰু ইউ এ ইকো অন্তৰ্ভুক্ত কৰা হ’ব। ২৭ ফেব্ৰুৱাৰীত ইজিপ্তৰ ৰাজধানী কায়ৰোত অনুষ্ঠিত হ’বলগীয়া আৰব লীগৰ বৈঠকতো এই বিষয়ে আলোচনা কৰা হ’ব। এক সূত্ৰই জনোৱা অনুসৰি, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছেও এই বৈঠকত অংশগ্ৰহণ কৰিব।