আজি অশ্ৰুশিক্ত নয়নেৰে বিদায় জনালে অসমবাসীৰ আপোন শিল্পী জুবিন গাৰ্গক। সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ যোৰহাটত উপস্থিত হৈছে চি আই ডিৰ দল।
জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত যোৰহাটত দাখিল হৈছিল পাঁচখন এজাহাৰ। এজাহাৰকাৰী সকলৰ ভাষ্য গ্ৰহণ কৰিবলৈয়ে চি আই ডিৰ এটা দল যোৰহাটত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।
লাভ কৰা খবৰ অনুসৰি, বৰ্তমান যোৰহাট আৰক্ষী থানাত আছে চি আই ডিৰ দলটো।
উল্লেখ্য যে, যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ। সংবাদ মাধ্যমত প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ ঘনাই ঘনাই সলনি হোৱাৰ পিছতেই তদন্তৰ দাবী উত্থাপন হৈছিল অসমত। ৰাজ্যৰ ভিন্ন থানাত বিভিন্নজনে দাখিল কৰিছিল এজাহাৰ।
নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি আন বহু কেইগৰাকী লোকৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ দাখিল হোৱাৰ পিছতে ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনাটো তদন্তৰ বাবে চি আই ডিক দায়িত্ব অৰ্পণ কৰিছিল।