পাঁচ বছৰৰ মূৰত আজি পুনৰ ক্ষমতাৰ বাঘজৰী হাতত ল’লে হাগ্ৰামা মহিলাৰী প্ৰধান বি পি এফে। চতুৰ্থবাৰৰ বাবে বিটিচিৰ মুৰব্বী হিচাপে শপত ল’লে হাগ্ৰামা মহিলাৰীয়ে।
কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত হাগ্ৰামা মহিলাৰীয়ে অসমৰ ৰাজ্যপাল লক্ষ্ণণ প্ৰসাদ আচাৰ্যৰ সন্মুখত শপত বাক্য পাঠ কৰে।
হাগ্ৰামা মহিলাৰীৰ লগতে উপ-মুখ্য কাৰ্যবাহীৰূপে শপত গ্ৰহণ কৰে ৰিহণ দৈমাৰীয়ে।
শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে ত্ৰিপুৰাৰ আঞ্চলিক দল তিপ্ৰাৰ নেতা প্ৰদ্যুত কিশোৰ মানিক্য দেব বাৰ্মাৰ লগতে আন বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, ২৬ ছেপ্তেম্বৰত ঘোষণা কৰা বিটিচি নিৰ্বাচনৰ ফলাফলত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে অভিলেখ সংখ্যক ২৮ খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।