হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্য। কোটি-কোটি অনুৰাগীক কন্দুৱাই আজি অজান দেশলৈ গুচি গ’ল সকলোৰে মৰমৰ জুবিন গাৰ্গ। আজি দুপৰীয়া ছিংগাপুৰত মৃত্যু হয় জুবিন গাৰ্গৰ।
শিল্পীগৰাকীৰ মৃত্যুৰ পিছতেই অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। বৰ্তমান ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত চলি থকা ছমহীয়া পৰীক্ষা কিছুদিনৰ বাবে পিছুৱাই দিছে।
এই কথা জানিব দি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে কয়, ‘শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শকক কাইলৈ অনুষ্ঠিত হ’বলগীয়া ছমহীয়া পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে।