চূড়ান্ত এক সিদ্ধান্ত লৈ নিজৰ জীৱন শেষ কৰিলে IPS শিলাদিত্য চেতিয়াই। ৰাজ্য়ৰ গৃহ আৰু ৰাজনৈতিক সচিবৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল শিলাদিত্য চেতিয়া।
শিলাদিত্য চেতিয়াৰ এই খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অসমত। মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে শিলাদিত্য চেতিয়াই। এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে শিলাদিত্য চেতিয়াই। শিলাদিত্য চেতিয়াৰ মৃত্যুৰ খবৰে ৰাজ্য জোকাৰি গৈছে। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চেতিয়াৰ পত্নী জটিল ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈ আছিল। আজি চিৰদিনৰ বাবে পত্নীয়ে বিদায় লোৱাৰ সময়তে শিলাদিত্য চেতিয়াই দুখ সহিব নোৱাৰি ICUৰ ভিতৰতে জীৱনৰ চূড়ান্ত সিদ্ধান্ত বাচি লয়। গুলীৰ শব্দ শুনি চেতিয়াৰ পৰিয়ালৰ সদস্য উপস্থিত হৈছিল ICUৰ ভিতৰত। সেই সময়তে জীৱনৰ সকলো শেষ কৰি পেলালে শিলাদিত্য চেতিয়াই। চাৰিমাহ ধৰি পত্নীৰ চিকিৎসাৰ বাবে ছুটীত আছিল প্ৰয়াত IPS শিলাদিত্য চেতিয়া।