প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন আজি এটা মাহ সম্পূৰ্ণ। আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাহেকীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হৈছে। নলবাৰীতো জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰে সকলোৱে প্ৰাণৰ শিল্পী গৰাকীক জনাইছে শ্ৰদ্ধা। আয়োজন কৰা হৈছে স্মৃতিচাৰণ সভা।
নলবাৰী পুৰণি পৰিদৰ্শন বাংলাত নলবাৰী ৰাইজৰ সহযোগত পালন কৰা হয় এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰথম কাৰ্যসূচী হিচাপে পুৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণেৰে শ্ৰদ্ধা জনোৱা হয়।
পুৱা ১০ বজাত নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জুবিন গাৰ্গৰ বন্ধু গনেশ ৰায় মেধী( বংকিম), ডাঃ শুভ্ৰকিংকৰ গোস্বামী, বিশিষ্ট শিক্ষাবিদ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্ত্তীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।
ইয়াৰ পিছতে উক্ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰি আধ্যাত্মিক ভাৱ ধাৰাৰ গীত-মাত পৰিৱেশন কৰা হয় শ্ৰদ্ধাঞ্জলিৰ মঞ্চত।
আনহাতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে ‘জুবিন গাৰ্গক সুঁৱৰী’ গ্ৰন্থ উন্মোচন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সংগীত শিল্পী তথা জুবিন গাৰ্গৰ বন্ধু তথা সংগীত শিল্পী দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতী।
ইফালে এই পুৰণা বাংলা অঞ্চলটোৰ প্ৰায় ৮ বিঘা মাটিত “মায়াবিনী” নামেৰে এখন জুবিন উদ্যান গঢ়ি তোলা হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু জুবিন গাৰ্গৰ বন্ধু বংকিম ৰায় মেধীয়ে। এই উদ্যানত থাকিব প্ৰাণৰ শিল্পী গৰাকীৰ এটি সুউচ্চ প্ৰতিমূৰ্তি, জুবিনৰ সৃষ্টি ৰাজিৰ এটি সংগ্ৰাহালয় আৰু জুবিন গাৰ্গে ভাল পোৱা গছেৰে এখন সম্পূৰ্ণ উদ্যান।