অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। অধিনায়ক সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি টেষ্ট ক্ৰিকেটৰ পিছত এদিনীয়া দলৰো নেতৃত্বৰ ভাৰ প্ৰদান কৰা হৈছে শুভমন গিলক। উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে শ্ৰেয়াছ আয়াৰক।
আটাইতকৈ লক্ষ্যণীয় কথাটো হ’ল এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা দলটোত স্থান লাভ কৰিছে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। চেম্পিয়নছ ট্ৰফীৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাৰ্চিত দেখিবলৈ পোৱা যাব এই দুয়োজন অনুভৱী ক্ৰিকেটাৰক।
উল্লেখ্য যে, হঠাতে ৰোহিত শৰ্মাৰ ঠাইত শুভমন গিলক নেতৃত্ব কিয় প্ৰদান কৰা হ’ল সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে কয় যে এই সন্দৰ্ভত ৰোহিত শৰ্মাৰ লগত আলোচনা কৰা হৈছিল আৰু তেওঁ এই কথাত সন্মতি প্ৰকাশ কৰিছিল।
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতৰ এদিনীয়া দল :
শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ (উপ অধিনায়ক), অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছিৰাজ, অৰ্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ) আৰু যশস্বী জয়ছৱাল।
অহা ১৯ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব তিনিখন মেচৰ এদিনীয়া শৃংখলাটো। এদিনীয়া শৃংখলাৰ পিছতেই সম সংখ্যক মেচৰ এটি টি-২০ শৃংখলাও অনুষ্ঠিত হ’ব দুয়োখন দেশৰ মাজত।
এদিনীয়া দলটোৰ সমান্তৰালকৈ আজি টি-২০ দলটোও ঘোষণা কৰা হয়। দীৰ্ঘদিনৰ পৰা নেতৃত্ব দি অহা সূৰ্কুমাৰে আগন্তুক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া টি-২০ শৃংখলাটোতো ভাৰতক নেতৃত্ব প্ৰদান কৰিব। উপ-অধিনায়কৰ দায়িত্ব পালন কৰিব শুভমন গিলে।
ভাৰতৰ টি-২০ দল
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গিল (উপ-অধিনায়ক), তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শ্বদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমচন (উইকেটকীপাৰ), ৰিংকু সিং আৰু ৱাশ্বিংটন সুন্দৰ।