অসমৰ প্ৰতিগৰাকী লোকৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ন্যায় বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। জুবিন অনুৰাগীসকলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত উত্তাল কৰি তুলিছে গুৱাহাটী।
শ্যামকানু মহন্তৰ গীতানগৰস্থিত বাসগৃহ আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ধীৰেণপাৰাস্থিত অৰ্কিড হিলভিউ এপাৰ্টমেণ্টৰ বাহিৰত শ-শ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া এই দুজন লোকক গ্ৰেপ্তাৰৰ দাবীত পৰিৱেশ উত্তাল কৰি তুলিছে।
প্ৰতিবাদ চলি থকাৰ মাজতে আজি কিছুসময় পূৰ্বে শ্যামকানু মহন্তই কোনো অজ্ঞাত স্থানৰ পৰা ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা কৰে।
ভিডিঅ’টোৰ জৰিয়তে স্পষ্টীকৰণ দি শ্যামকানুৱে কয়, ‘ৰাইজৰ ৰোষত পৰাৰ ভয়ত মই গুৱাহাটীলৈ যোৱা নাই। মোক মিছাতে এক চক্ৰই দোষী সজাইছে।’
ইয়াৰ উপৰি জুবিনৰ স্বাস্থ্যক লৈও শ্যামকানুৱে কৰিছে মন্তব্য। তেওঁ কয়, ‘জুবিন গাৰ্গ ছিংগাপুৰলৈ অহাৰ পূৰ্বে মুম্বাইত সুন্দৰকৈ গীত পৰিৱেশন কৰিছিল। দিল্লীতো তেওঁ প্ৰগ্ৰেম কৰাৰ কথা আছিল। গতিকে অসুস্থ দেহাৰে তেওঁক অনা বুলি দোষাৰোপ কৰাটো ভুল’।
সামাজিক মাধ্যমত বহু ভুৱা তথা এ আইত নিৰ্মাণ কৰা ভিডিঅ চলি আছে বুলিও কয় শ্যামকানুৱে। ইয়াৰ উপৰি তেওঁ সমগ্ৰ ঘটনাৰ ওপৰত আইনে বিচাৰ কৰিব বুলিও মন্তব্য কৰে।
‘এই প্ৰক্ৰিয়াটোত আমি কোনো পধ্যেই জড়িত নাছিলো। ঘটনা সংঘটিত হোৱা স্থানৰ পৰা আমি বহুত দূৰৈত আছিলো। কেইজন মানে লোকে আমাক হত্যা কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ বাবে ৰাইজৰ পৰা ন্যায় বিচাৰিছো’, এই বুলিও মন্তব্য কৰে অসমৰ পৰা পলাই ফুৰা শ্যামকানু মহন্তই।