জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ যন্ত্ৰনা সহিব নোৱাৰি কৰুণ ঘটনা সংঘটিত কৰিলে এজন ১৯ বছৰীয়া যুৱকে। আত্মহত্যা কৰা যুৱকজন আকাশ ডেকা বুলি চিনাক্ত কৰা হৈছে। এই কৰুণ ঘটনাটো সংঘটিত হৈছে গোৰেশ্বৰৰ হাৰিজোৰাত।
প্ৰয়াত নগেন ডেকা আৰু মামণি ডেকাৰ পুত্ৰ আকাশ ডেকাই ঘৰৰ পিছফালে এডাল গছত চীপ লৈ আত্মহত্যা কৰে।
পৰিয়ালৰ লোকে জনোৱা মতে কালি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা শোকত ম্ৰিয়মান হৈ পৰিছিল আকাশ। শুকুৰবাৰে নিশা আৰু আজিও ভাত খোৱা নাছিল জুবিনৰ অত্যন্ত অনুৰাগী যুৱকজনে।
কালিৰ পৰা অনবৰতে জুবিনৰ গান শুনি শুনি একো নোখোৱাকৈয়ে আজি দুপৰীয়া ১২মান বজাত ঘৰৰ পৰা ওলাই গৈছিল আকাশ। বিয়লিলৈ আকাশ ঘৰ আহি নোপোৱাত বিচাৰ খোচাৰ কৰাৰ পিছত সন্ধিয়া গৰু আনিবলৈ যোৱা গাঁৱৰ মানুহে আকাশৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।
এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।