চিৰ নিদ্ৰাত অসমৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ। ছিংগাপুৰত মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ ইতিমধ্যে উপস্থিত হৈছে স্বভূমিত। বৰ্তমান জুবিনৰ নশ্বৰ দেহ সৰুসজাইলৈ লৈ যোৱা হৈছে। এই সৰুসজাই ষ্টেডিয়ামতে আজি আৰু কাইলৈৰ দিনটোত তেওঁক অনুৰাগীসকলে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাব।
মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই থকাৰ সময়তে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত আহিছে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকৰ পূৰ্বে মন্ত্ৰী ৰণোজ পেগু আৰু মন্ত্ৰী কেশৱ মহন্তই সংবাদ মেলৰ জৰিয়তে সকলো কথা অৱগত কৰে।
অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত মন্ত্ৰী ৰণোজ পেগু আৰু কেশৱ মহন্তই জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ভগ্নী আৰু দেউতাকৰ সৈতে আলোচনা কৰে। এই আলোচনাৰ সময়ত গৰিমা গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যসকলে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া গুৱাহাটীৰ আশে-পাশে সম্পন্ন হ’ব লাগে বুলি পোষকতা কৰে। এই কথা সংবাদ মেলত উল্লেখ কৰে মন্ত্ৰী ৰণোজ পেগুৱে।
এই সংবাদ মেলৰ পিছতেই অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালৰ মনৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাব। এই কেবিনেট বৈঠকতেই জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া ক’ত সম্পন্ন হ’ব সেয়া চূড়ান্ত কৰা হ’ব।