ছুপাৰ ফাষ্ট ইণ্টাৰনেট ল’বলৈ সাজু হৈ থাকক। শীঘ্ৰেই আহিব ছুপাৰফাষ্ট ইণ্টাৰনেট। আপুনি পৃথিবীৰ যলৈকে নাযাওক কিয় আপুনি অনায়াসে লাভ কৰিব ছুপাৰফাষ্ট ইণ্টাৰনেট।
শেহতীয়াকৈ ছুপাৰফাষ্ট ইণ্টাৰনেটক লৈ এলন মাস্কে ডাঙৰ ঘোষণা কৰিছে। এলন মাস্কৰ স্পেচ এক্স কোম্পানীয়ে ষ্টাৰলিংক মিনিৰ জড়িয়তে প্ৰদান কৰিব ছুপাৰফাষ্ট ইণ্টাৰনেট।
কি এই ছুপাৰফাষ্ট ইণ্টাৰনেট?
ছুপাৰফাষ্ট ইণ্টাৰনেট থকা যন্ত্ৰটো এটা বেকপেকৰ দৰে। বেকপেকৰ দৰে ছেটেলাইট ইণ্টাৰনেট এণ্টেনা। এই বেকপেকটো আপুনি পৃথিবীৰ যলৈ যায় লগত লৈ যাব পাৰিব। এই বেকপেকটোৰ জড়িয়তে আপুনি যতে ততে লাভ কৰিব ছুপাৰফাষ্ট ইণ্টাৰনেট। এই ছেটেলাইট এণ্টেনাত ইনবিল্ড ৱাইফাই সংস্থাপন কৰা হৈছে। ইয়াৰ সহায়ত আপুনি আপোনাৰ ডিভাইচত হাইস্পীড ইণ্টাৰনেট লাভ কৰিব। ষ্টাৰলিংক মিনি কীটৰ আমেৰিকান ডলাৰত মূল্য হৈছে ৫৯৯ ডলাৰ।