নিৰ্বাচনত EVMৰ ব্যৱহাৰ আঁতৰাই দিব লাগে বুলি গুৰত্বপূৰ্ণ মন্তব্য কৰিলে এল’ন মাস্কে। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্কে EVM সন্দৰ্ভত ছ’চিয়েল মিডিয়া এক্সত দিছে এটা পোষ্ট। ইলেকট্ৰনিক ভোটিং মেচিন আঁতৰাই দিব লাগে পোষ্ট এল’ন মাস্কৰ। EVM মানুহৰ লগতে AIয়েও হেক কৰিব পাৰে। স্পেচ এক্সৰ CEO এল’ন মাস্কৰ এই পোষ্টৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এল’ন মাস্কৰ মতে EVM হেক কৰিব পাৰে হেকাৰ। লগতে মানুহেও খেলি মেলি কৰিব পাৰে EVM। ভৱিষ্যতে AI আৰু মানুহৰ দ্বাৰা EVM যে হেক হ’ব তাৰ আশংকা প্ৰকাশ কৰিছে এল’ন মাস্কে। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দাবীদাৰ ৰবাৰ্ট এফ কেনেডিয়ে EVMৰ খেলিমেলিৰ কথা লিখি ৰাজহুৱা কৰিছিল। এইবাৰ এল’ন মাস্কে EVM আঁতৰাই দিব লাগে বুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।