পুনৰ গাজাত আক্ৰমণ চলালে ইজৰাইলে। ইজৰাইলৰ আক্ৰমণত ইজনৰ পিছত সিজন নিহত। এইপৰ্যন্ত নিহতৰ সংখ্যা বৃদ্ধি পাইছে ৩৯জনলৈ। আকাশমাৰ্গেৰে প্ৰচণ্ড বোমা বৰ্ষণ ইজৰাইলী বায়ু সেনাৰ। গাজাৰ অল-অহলি হাস্পতালত বহু মৃতদেহ। ৰেড ক্ৰছৰ মতে দক্ষিণ গাজাৰ অল মবাচি শিবিৰত ইজৰাইলে সংঘটিত কৰিছে ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণৰ ফলত নিহতৰ লগতে শ শ লোক আহত হৈছে বুলি প্ৰকাশ কৰিছে তথ্য। ইটোৰ পিছত সিটো আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে। ভয়ংকৰ আক্ৰমণ দেখি গাজাৰ বহু প্ৰান্তৰ পৰা ঘৰ এৰিবলৈ বাধ্য হৈছে গাজাৰ বাসিন্দাই। কেইটামান মাহ পূৰ্বে সংস্থাপিত হোৱা লোকে পুনৰ ঘৰ এৰি নিৰাপদ স্থানলৈ ৰাওনা হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে পশ্চিম ৰাফাৰ মবাচিত ২৫ পেলেষ্টাইনীৰ মৃত্যু হৈছে। মবাচিৰ পাহাৰৰ শিখৰত ইজৰাইলী সেনাই সংস্থাপন কৰিছে দুখনকৈ শক্তিশালী টেংক। এই টেংকৰ পৰা অহৰহ বোমা নিক্ষেপ কৰিছে সেনাই। এই বোমা আহি পৰিছেহি শিবিৰত থকা লোকৰ ওপৰত। গাজাত শনিবাৰে অতি ভয়ংকৰ আক্ৰমণ কৰে ইজৰাইলী সেনাই। আনহাতে ইজৰাইলী সেনাৰ মতে গাজাত থকা দুটাকৈ হামাচৰ ঘাটীত আক্ৰমণ কৰা হৈছে।
বিগত বৰ্ষৰ ৭ অক্টোবৰত আৰম্ভ হৈছিল ইজৰাইল-হামাছৰ প্ৰচণ্ড যুদ্ধ। হামাছে দক্ষিণ ইজৰাইলৰ হঠাতে কৰিছিল আক্ৰমণ। এই আক্ৰমণত নিহত হৈছিল কমেও ১২০০জন লোক। ইয়াৰ লগতে ২৫০জনক বন্দী কৰিছিল হামাছে। ৭ অক্টোবৰত আৰম্ভ হোৱা এই যুদ্ধৰ পিছতে ইজৰাইলৰ আক্ৰমণত এইপৰ্যন্ত গাজাত নিহত হৈছে ৩৭,৫৫১ লোক। এই আক্ৰমণত আহত হৈছে ৮৫,৯১১জন। ইজৰাইলৰ এই ধাৰাবাহিক আক্ৰমণৰ পিছত গাজা একপ্ৰকাৰ ধ্বংসস্তুপলৈ পৰিণত হৈছে। বিগত ২৪ ঘণ্টাৰ ভিতৰত ১০১জন লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে।