হজ কৰিবলৈ গৈ এইপৰ্যন্ত ১০০০জনৰো অধিক হাজি মৃত্যুমুখত পৰিছে চৌদিত। প্ৰচণ্ড গীষ্মপ্ৰবাহৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে চৌদি আৰবত।
এএফপিৰ মতে ১০খন ৰাষ্ট্ৰৰ পৰা যোৱা ১,০৮১জন হাজিৰ মৃত্যু হৈছে। মৃতকসকলক কবৰস্থ কৰাৰ বাবে ব্যৱস্থা কৰিছে চৌদি প্ৰশাসনে। ইছলামীয় ৰীতি নীতিৰে চৌদিতে সমাধিস্থ কৰিব মৃত হাজিক। এএফপিৰ মতে ভাৰতৰ ৬৮ জন হাজিৰ মৃত্যু হৈছে চৌদিত। কেইবাজনো বৃদ্ধ লোকৰ মৃত্যু হৈছে চৌদিত। প্ৰচণ্ড গৰমৰ বাবেই প্ৰাণ গৈছে এইসকল হাজিৰ।
মক্কাৰ গ্ৰেণ্ড মছজিদ এলেকাত এইসপ্তাহটোত তাপমাত্ৰা উঠিছে ৫১.৮ ডিগ্ৰীলৈ। এই প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি শ শ হাজিৰ মৃত্যু হৈছে মক্কাত। প্ৰচণ্ড গৰমৰ বাবে বিভিন্ন ৰোগতো আক্ৰান্ত হৈছে হাজিসকল। সেয়ে চৌদি প্ৰশাসনে সকলো নিয়ম মানি চলিবলৈ হাজিসকলক অনুৰোধ জনাইছে। কোনো কাৰণতে যাতে প্ৰচণ্ড গৰমত এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা নকৰে তাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে।