হামাছক সম্পূৰ্ণৰূপে শেষ কৰিব পৰা নাযাব। খোদ ইজৰাইলী সেনা প্ৰবক্তাৰ এই মন্তব্যৰ পিছতে চিন্তাত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহু।
হামাছক লৈ এতিয়া ইজৰাইলক লৈ দুটা ভাগত আলোচনা চলিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মতে হামাছ শেষ নোহোৱা পৰ্যন্ত গাজাত যুদ্ধ বন্ধ নহয়। আনহাতে ইজৰাইলৰ ডিফেন্স ফৰ্চৰ মন্তব্য অন্যধৰণৰ। IDFৰ ভাষ্য যে হামাছক শেষ কৰি পেলোৱাটো ইমান সম্ভৱ নহ’ব। ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আহিছিল যে হামাছক শেষ কৰাটোৱেই ইজৰাইলৰ লক্ষ্য। ইয়াৰ মাজতে ইজৰাইলৰ সেনা প্ৰবক্তাৰ ভাষ্যই চিন্তাত পেলাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক। ইজৰাইলৰ সেনা প্ৰবক্তা ৰিয়ৰ এডমিৰেল ডেনিয়েল হাগৰিয়ে এটা টেলিভিশ্যন চেনেলত দিয়া সাক্ষাৎকাৰে তোলপাৰ লগাইছে ইজৰাইলত। তেওঁ দিয়া সাক্ষাৎকাৰত কোৱা হৈছে যে হামাছক শেষ কৰিব পৰাটো অসম্ভৱ। হামাছক শেষ কৰা প্ৰসংগটো এটা বিচাৰধাৰাহে। যদিহে জনতাই ভাবিছে হামাছ একেবাৰে শেষ হৈ যাব এয়া অসত্য বুলি তেওঁ সাক্ষাৎকাৰত প্ৰকাশ কৰে। আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কোৱা হৈছে যে হামাছ শেষ নোহোৱা পৰ্যন্ত গাজাত যুঁজ চলি থাকিব।