এবিধ ভয়ানক বেক্টেৰিয়াই আতংকিত কৰিছে জনতাক। এবাৰ এই ভাইৰাছত আক্ৰান্ত হ’লে ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু হোৱাৰ সম্ভাৱনা থাকে। ভয়ানক এইবিধ ভাইৰাছক লৈ এতিয়া জাপানত ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। জাপানত আবিৰ্ভাৱ হোৱা এই বেক্টেৰিয়া বৰ্তমান সময়ত অতি ভয়ানক বুলি মন্তব্য কৰিছে জাপানৰ বিশেষজ্ঞই। এই বেক্টেৰিয়াবিধক নাম দিছে STSS। মাংস খোৱা এইবিধ বেক্টেৰিয়া যদি শৰীৰত প্ৰৱেশ কৰে তেন্তে ৪৮ ঘণ্টাৰ ভিতৰত মৃত্যু হোৱাৰ সম্ভাৱনা আছে। জাপানৰ নেশ্যনেল ইনছষ্টিটিউট অৱ ইনফেকশ্যন ডিজিজৰ মতে এইপৰ্যন্ত STSS ভাইৰাছত আক্ৰান্ত ৰোগী ১০০০জন পোৱা গৈছে।
এইবিধ বেক্টেৰিয়াক কিয় মাংস খোৱা বেক্টেৰিয়া বুলি কোৱা হয়?
আচলতে এইবিধ বেক্টেৰিয়াই শৰীৰ মাংস ধ্বংস নকৰে। শৰীৰৰ পোনপটীয়াকৈ মাংস এই বেক্টেৰিয়াই ভক্ষণ নকৰে। মানুহৰ শৰীৰত থকা টিছু ধ্বংস কৰে এই বেক্টেৰিয়াই। সেয়ে এই বেক্টেৰিয়াবিধক ফ্লেছ ইটিং কোৱা হয়।