সূৰ্যগ্ৰহণক লৈ হিন্দু ধৰ্মত আছে বিভিন্ন প্ৰবাদ। বিভিন্ন মহত্ব আছে সূৰ্যগ্ৰহণৰ। এইবছৰত হ’ব আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ।
গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰৰ মতে এইবছৰ ২ অক্টোবৰ তাৰিখে হ’ব বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ। ইয়াৰ পূৰ্বে ২০২৪ৰ ৮ এপ্ৰিলত হৈছিল প্ৰথমটো সূৰ্যগ্ৰহণ। যাৰ প্ৰভাৱ দেখা গৈছিল আমেৰিকাৰ লগতে সমীপৰ ৰাষ্ট্ৰসমূহত। আনহাতে দ্বিতীয়টো সূৰ্যগ্ৰহণ ২ অক্টোবৰ বুধবাৰৰ দিনা হ’ব বুলি উল্লেখ কৰা হৈছে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰত।
এই সূৰ্যগ্ৰহণ ২ অক্টোবিৰৰ নিশা ৯.১০ বজাত আৰম্ভ হ’ব। নিশা ৯.১০ বজাৰ পৰা পুৱতি নিশা ৩.১৭ বজাত অন্ত পৰিব সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ মুঠ সময় ৬ ঘণ্টা ৪ মিনিট। এই সূৰ্যগ্ৰহণ আটাইতকৈ দীঘলীয়া বুলি ধাৰণা কৰা হৈছে। প্ৰথম সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান হোৱা নাছিল। দ্বিতীয়টো সূৰ্যগ্ৰহণো ভাৰতত দৃশ্যমান নহয়। যাৰ কাৰণ সূতক কাল মান্য নহয়। যাৰ বাবে সূতক কালৰ নিয়মো পালন নহয়। বৈজ্ঞানিৰ অনুমান মতে দ্বিতীয়টো সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব মেক্সিক’, ব্ৰাজিল, চিলী, পেৰু, নিউজিলেণ্ড, আৰ্জেণ্টিনা আদি দেশসমূহত।