মুছলমান প্ৰধান ৰাষ্ট্ৰ তাজিকিস্তানত নিষিদ্ধ কৰা হ’ল হিজাব পৰিধান। হিজাব পিন্ধাটো দেশখনত এতিয়াৰে পৰা বেআইনী বুলি গণ্য কৰা হ’ব।
হিজাবক লৈ তাজিকিস্তানে লোৱা এক সিদ্ধান্ত মুছলমান ৰাষ্ট্ৰসমূহত লগাইছে তোলপাৰ। মধ্য এছীয় দেশ তাজিকিস্তানে শীঘ্ৰেই নিষিদ্ধ কৰিব হিজাব। হিজাবক বিদেশী বস্ত্ৰ বুলি সদনত ঘোষণা। আফগানিস্তানৰ সীমাত লাগি থকা তাজিকিস্তানে লোৱা এই সিদ্ধান্তৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া মুছলমান ৰাষ্ট্ৰত।
তাজিকিস্তানৰ উচ্চ সদনত ১৯ জুন তাৰিখে ইয়াকে লৈ গৃহীত হ’ল এখন বিধেয়ক। ইয়াৰ লগে লগে তাজিকিস্তানত হিজাব পিন্ধাটো এতিয়াৰে পৰা বেআইনী। তাজিকিস্তানৰ নিউজ এজেন্সী এছিয়া প্লাছৰ মতে সদনৰ প্ৰমুখ ৰুস্তম ইমলিৰ উপস্থিতিত গৃহীত হয় বিধেয়কখন।
ইছলামৰ প্ৰধান প্ৰধান উৎসৱ সমূহত এই ‘এলিয়েন কাপোৰ’ পিন্ধাটো নিষিদ্ধ বুলি ঘোষণা কৰে। যদিহে হিজাব পিন্ধি আইন ভংগ কৰে তেন্তে ৬২ হাজাৰৰো অধিক টকা জৰিমণা ভৰিব লাগিব বুলি ঘোষণা কৰিছে।