আজি বিশ্ব জনসংখ্যা দিৱস। প্ৰতিবছৰে ১১ জুলাইৰ দিনটোত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। জনসংখ্যা নিয়ন্ত্ৰণ আৰু ইয়াৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ১১ জুলাইত পালন কৰা হয় এই দিৱস।
উল্লেখ্য যে, ১৯৮৭ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৫ বিলিয়নত উপনীত হৈছিল। যাৰ বাবে বিশ্ববাসী যথেষ্ট চিন্তিত হৈ পৰিছিল। বৰ্ধিত জনসংখ্যা ৰোধ কৰিবৰ বাবে ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী পৰিষদ (ইউএনডিপি) গঠন কৰা হয়।
১৯৯০ চনৰ ডিচেম্বৰৰ ৪৫/২১৬ নং প্ৰস্তাৱৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পৰিৱেশ আৰু উন্নয়নৰ সৈতে তেওঁলোকৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰিছিল। ১৯৯০ চনত ৯০ খন দেশে প্ৰথমবাৰৰ বাবে বিশ্ব জনসংখ্যা দিৱস পালন কৰে।
২০২৪ চনৰ বিশ্ব জনসংখ্যা দিৱস “কাকো এৰি নিদিব, সকলোকে গণনা কৰক” এই বিষয়বস্তুৰ ওপৰত পালন কৰা হৈছে। এই বিষয়বস্তুয়ে নিশ্চিত কৰে যে সকলোকে সংখ্যাত সঠিকভাৱে প্ৰতিনিধিত্ব কৰা হয়। তেওঁলোকৰ পৃষ্ঠভূমি, ৰাষ্ট্ৰীয়তা, ভূগোল বা আৰ্থ-সামাজিক স্থিতি নিৰ্বিশেষে সকলোকে গণনা কৰাৰ কথা উল্লেখ কৰে।
বিশ্ব জনসংখ্যা দিৱস ২০২৪ ৰ বাবে ৰাষ্ট্ৰসংঘৰ মহাসচিবে বাৰ্তা দিয়ে যে, চলিত বছৰ জনসংখ্যা আৰু উন্নয়নৰ ওপৰত আন্তৰ্জাতিক সন্মিলনৰ কাৰ্য পৰিকল্পনাৰ ৩৪ তম বাৰ্ষিকী। আইচিপিডি কাৰ্য পৰিকল্পনাৰ মুখ্য উদ্দেশ্য হৈছে মহিলাৰ যৌন, স্বাস্থ্য আৰু বিকাশৰ আধাৰশিলা স্বীকাৰ কৰা। পূৰ্বতকৈ আমি অগ্ৰগতি লাভ কৰিছো। আগতকৈ অধিক মহিলাই আধুনিক গৰ্ভনিৰোধকৰ প্ৰৱেশাধিকাৰ লাভ কৰিছে। ২০২০ চনৰ পৰা মাতৃৰ মৃত্যুৰ হাৰ ৩৪ শতাংশ হ্ৰাস পাইছে।
ইয়াৰ পিছতো আমাৰ মাজৰ পৰা শংকা আঁতৰ হোৱা নাই। একবিংশ শতিকাতো গৰ্ভধাৰণ আৰু সন্তান জন্মৰ সময়ত প্ৰতিদিনে প্ৰায় ৪০০ গৰাকী মহিলাৰ কোনো কাৰণ নোহোৱাকৈ মৃত্যু হয়। তেওঁলোক বেছিভাগেই উন্নয়নশীল দেশৰ বাসিন্দা।