আজিলৈ কোনো বিজ্ঞানীয়ে এলিয়েনৰ লগত যোগাযোগ স্থাপন কৰিব পৰা নাই। ইয়াৰ মাজতে এক তথ্য পোহৰলৈ আহিছে। এতিয়া গৱেষকসকলেও বিশ্বাস কৰে যে, অতি শীঘ্ৰে এলিয়েনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সম্ভৱপৰ হৈ উঠিব। যাৰবাবে বহুকেইগৰাকী বিজ্ঞানীয়ে একেলগ হৈ পৃথিৱীৰ সকলোতকৈ ডাঙৰ কেমেৰা সাজি উলিয়াইছে।
পৃথিৱীৰ বাহিৰেও আৰু কৰবাত জীৱন সম্ভৱ নে সেই বিষয়ে বহুদশক ধৰি বিজ্ঞানীসকলে সন্ধান কৰি আছে যদিও কোনো বিজ্ঞানীয়ে আজিলৈ ইয়াৰ কোনো সঠিক উত্তৰ দিব পৰা নাই। যাৰবাবে কোনো এলিয়েনৰ সৈতে তেওঁলোকৰ যোগাযোগ স্থাপন হোৱা নাই। বাস্তৱত মহাকাশত এলিয়েনৰ সন্ধানৰ বাবে আৰম্ভ কৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৈজ্ঞানিক প্ৰকল্প ‘ব্ৰেকথ্ৰু লিছেন’ৰ এগৰাকী বিজ্ঞানীয়ে কৈছে যে, বহুপ্ৰযুক্তিগত উন্নয়নে মহাকাশত এই সন্ধানৰ দিশ সলনি কৰিব।
বৈজ্ঞানিকসকলৰ বাৰ্ষিক সন্মিলনত এই বিষয়ে আলোচনা কৰা হ’ব। এই সন্মিলন আগষ্টৰ শেষ সপ্তাহত প্ৰথমবাৰ অক্সফৰ্ডত অনুষ্ঠিত হ’ব। ব্ৰেকথ্ৰু লিছেনৰ বিজ্ঞানী ষ্টীভ ক্ৰাফ্টে কৈছে যে, বৰ্তমান এনে কিছুমান প্ৰযুক্তি আছে যিসমূহ বিকশিত হৈ আছে। যিয়ে এলিয়েন সভ্যতা সন্ধান কৰাৰ ক্ষেত্ৰত নতুন পদ্ধতি অৱলম্বন কৰাত যথেষ্টখিনি সহায় কৰিছে।
এলিয়েনৰ সন্ধানত চিৰিলি, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত বৃহৎ দূৰবীন নিৰ্মাণ কৰা হৈছে। যিয়ে শতাধিক ৰেডিঅ’ দূৰবীনেৰে গঠিত স্কুয়েৰ কিলোমিটাৰ এৰিয়া অন্তৰ্ভূক্ত কৰিছে। যিটো হ’ব পৃথিৱীৰ সকলোতকৈ ডাঙৰ ৰেডিঅ’। ইয়াত থকা কেমেৰাটো ইমানেই ডাঙৰ যে ইয়াৰ দ্বাৰা নিশা সম্পূৰ্ণ আকাশৰ ফ’টো লোৱাতো সম্ভৱপৰ হ’ব।
বিজ্ঞানী ষ্টীভ ক্ৰাফ্টে লগতে কয় যে, অহা কিছুবছৰৰ ভিতৰত ইয়াৰ পৰ্যবেক্ষণ সম্পূৰ্ণ হ’ব। তেওঁ কৈছে যে বিজ্ঞানৰ এনেধৰণৰ উন্নয়নৰ বাবে অহা কিছুবছৰৰ ভিতৰত সংবেদনশীল এই এলিয়েনৰ প্ৰসাৰণৰ সন্ধান উলিওৱাটো সম্ভৱপৰ হ’ব।