খালিস্তান সমৰ্থক লোকসভাৰ সাংসদ অমৃতপাল সিঙৰ ভাতৃক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। অমৃত পালৰ ভাতৃ হৰপ্ৰীত সিঙক পঞ্জাৱৰ ফিল্লৌৰৰ পৰা জলন্ধৰ আৰক্ষীয়ে পাঁচ গ্ৰাম ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
এছ এছ পি অংকুৰ গুপ্তা আৰু ফিল্লৌৰৰ ডি এছ পি সৰ্বঞ্জিত সিঙে কৈছিল যে, হৰপ্ৰীত সিঙৰ পৰা ৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। নাকা তালাচীৰ সময়ত অমৃত পালৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, খালিস্তান পন্থী নেতা অমৃতপাল সিঙে শেহতীয়াকৈ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে। অমৃতপাল সিঙে খাদুৰ চাহিব আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত জয়ী হৈছিল।
নিৰ্বাচনত জয়ী হোৱাৰ পিছতো কাৰাগাৰত থকাৰ বাবে তেওঁ ২৪ আৰু ২৫ জুনত সাংসদ হিচাপে শপত ল’ব নোৱাৰিলে। তেওঁক কটকটীয়া নিৰাপত্তাৰ মাজেৰে সংসদলৈ অনা হৈছিল। বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে অমৃতপাল।