আজি অৰ্থা ২০ আগষ্টৰ পুৱা মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰাজহুৱা শুনানিৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ আক্ৰমণ কৰা হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মুখ্যমন্ত্ৰীগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰে অভিযুক্তই।
দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ ছাক্সেনাই কয় যে, এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰীয়ে শৰীৰত আঘাতো পায়। এই আক্ৰমণ নিশ্চিত কৰি দিল্লীৰ মুখ্য কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰে। ইয়াত লিখা আছিল যে, ২০ আগষ্টৰ ৰাজহুৱা শুনানিৰ সময়ত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক নিৰাপত্তাৰক্ষীৰ সন্মুখতেই শাৰিৰীকভাৱে আক্ৰমণ কৰে এজন লোকে। ইতিমধ্য এই ব্যক্তিগৰাকীক আটক কৰিছে দিল্লী আৰক্ষীয়ে। বৰ্তমান তেওঁক সোধা-পোছা কৰি থকা হৈছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিযুক্তই নিজৰ নাম ৰাজেশভাই খিমজিভাই সকাৰিয়া (৪১) বুলি উল্লেখ কৰিছে। তেওঁ হৈছে গুজৰাটৰ ৰাজকোটৰ বাসিন্দা।
এই ঘটনাৰ পিছত দিল্লীৰ মুখ্য সচিব আৰু কেইবাজনো মন্ত্ৰীয়ে ৰেখা গুপ্তাৰ স্বাস্থ্যৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী সদনত উপস্থিত হয়। ইয়াত চিকিৎসাধীন হৈ আছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা।