যোৱা ৯ আগষ্টত সমগ্ৰ দেশক জোকাৰি যোৱা কলকাতা আৰ জি কাৰ মেডিকেল কলেজত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পিছতে কালি পশ্চিমবংগৰ বিধান সভাত ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ ঘটনাত জড়িত দোষীক ফাঁচী দিব পৰাকৈ এখন কঠোৰ আইন গৃহিত হৈছে। এই আইন খনৰ বিষয়ে সকলোৱে বিশেষকৈ মহিলা সকলে জনা উচিত।
পাঁচটা দফাৰ এই আইন খনৰ প্ৰথম দফা অনুসৰি ধৰ্ষিতা গৰাকীৰ মৃত্যু হ’লে অথবা ক’মাত গলে দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰীক ফাঁচী দিয়া হ’ব।
দ্বিতীয় দফা অনুসৰি ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণত জড়িতৰ যাৱজ্জীৱন কাৰাদণ্ড হ’ব জীৱনৰ অন্তিম সময়লৈকে। লগতে কাৰাদণ্ডৰ সময়ছোৱাত তেওঁলোকক কোনো পাৰিশ্ৰমিক দিয়া নহ’ব।
তৃতীয় দফা অনুসৰি ধৰ্ষণৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰি ৰিপৰ্ট সাজু কৰিবলৈ আৰক্ষীক ২১ দিনৰ সময় দিয়া হ’ব। আৰু যদি কোনো কাৰণত ২১ দিনত এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহয়, তেতিয়া আৰক্ষীক পুনৰ ১৫ দিনৰ অধিক সময় দিয়া হ’ব। আৰক্ষীয়ে মুঠ ৩৬ দিনৰ ভিতৰত এই তদন্তৰ ৰিপৰ্ট দিবলৈ বাধ্য।
চতুৰ্থটো দফা অনুসৰি মহিলাৰ ওপৰত সংঘটিত হোৱা অপৰাধ ৰোধৰ বাবে প্ৰতি জিলাত একোটা টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব। যাৰ নাম হ’ব অপৰাজিতা টাস্ক ফ’ৰ্চ। আৰু এই টাস্ক ফ’ৰ্চৰ নেতৃত্ব ডি এছ পি স্তৰৰ আৰক্ষীৰ ওপৰত ন্যস্ত আছে।
পঞ্চমটো দফা অনুসৰি ধৰ্ষণৰ এই বিষয়সমূহৰ আদালতৰ প্ৰক্ৰিয়া সমূহ প্ৰকাশ কৰাৰ পূৰ্বে মিডিয়া হাউচে চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব অন্যথা জৰিমণা বিহা হ’ব লগতে বাতৰি প্ৰকাশ কৰা সাংবাদিক জনৰ ৩-৫ বছৰৰ বাবে কাৰাদণ্ড হ’ব।
উল্লেখ্য যে কেন্দ্ৰৰ প্ৰচলিত আইন অনুসৰি ধৰ্ষিতাৰ মৃত্যু হলে নূন্যতম ২০ বছৰৰ কাৰাদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড অথবা ফাঁচী দিয়া হয়।
আনহাতে দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত কেন্দ্ৰৰ প্ৰচলিত আইন অনুসৰি নূন্যতম ২০ বছৰৰ কাৰাদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।