নীতিশ কুমাৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে প্ৰশান্ত কিশোৰে। নীতিশ কুমাৰে বিহাৰৰ ১৩ কোটি জনতাৰ সন্মান বিক্ৰী কৰি দিলে বুলি বিস্ফোৰক মন্তব্য কৰিছে প্ৰশান্ত কিশোৰে। শাসনৰ বাঘজৰীৰ লোভত বহু তললৈ নীতিশ কুমাৰ নামি গ’ল বুলিও অভিযোগ প্ৰশান্ত কিশোৰৰ।
ক্ষমতাৰ লোভত প্ৰধানমন্ত্ৰী মোদীৰ চৰণ চুই বিহাৰৰ জনতাক লজ্জানত কৰালে বুলি অভিযোগ প্ৰশান্ত কিশোৰৰ। মুখ্যমন্ত্ৰীৰ আসনখন যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবেহে নীতিশ কুমাৰে মোদীৰ চৰণ স্পৰ্শ কৰিলে বুলি মন্তব্য কৰে।
বিহাৰৰ উন্নয়নৰ বাবে একোৱেই নুখুজিলে কেন্দ্ৰৰ পৰা। বিহাৰৰ জিলাসমূহত বন্ধ হৈ থকা চেনীৰ ফেক্টৰী খোলাৰ বাবে গুৰুত্ব নিদিয়ে নীতিশ কুমাৰে। বিহাৰৰ নিবনুৱাৰ বাবে চাকৰি আদিৰ ক্ষেত্ৰত একোৱেই মাত নামাতিলে নীতিশ কুমাৰে। ২০২৫ৰ পিছতো যাতে নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰে তাৰ বাবেহে মোদীৰ হাতত ধৰিলে নীতিশ কুমাৰে। এই বিস্ফোৰক অভিযোগ আনিলে প্ৰশান্ত কিশোৰে।
বিজেপিৰ যাতে সমৰ্থন থাকে তাৰ বাবে ১৩ কোটি বিহাৰৰ জনতাৰ সন্মান বিক্ৰী কৰি দিয়া বুলিও ক্ষুৰধাৰ সমালোচনা কৰিলে প্ৰশান্ত কুমাৰে।