এতিয়া ৰবট কুকুৰে নিধন কৰিব শত্ৰুপক্ষক। ভাৰতীয় সেনাত সংযোজন হ’বলৈ গৈ আছে ৰ’ব’ ড’গ। ৰ’ব’টিক মিউলছ অথভা মাল্টি ইউটিলিটী লেগড ইকুইপমেণ্টত থাৰ্মেল কেমেৰা, সৰু অস্ত্ৰসহ বহু ছেন্সৰ সংস্থাপিত হৈ থাকিব। অতি সহজে সীমান্তত থাকি শত্ৰুপক্ষক প্ৰতিহত কৰিব পাৰিব এই ৰ’ব’ ড’গে।
ভাৰতীয় সেনাই শীঘ্ৰেই ব্যৱহাৰ কৰিব এই ৰ’ব’ ড’গ। প্ৰয়োজনত শত্ৰুপক্ষলৈ লক্ষ্য কৰি গুলীচালনা কৰিব পাৰিব এই ৰ’ব’ ড’গে। ৰ’ব’ ড’গ ব্যৱাহৰ কৰিবলৈ সাজু হৈ আছে ভাৰতীয় সেনা। এক সূত্ৰত প্ৰকাশ পাইছে যে বিগত বছৰৰ ছেপ্তেম্বৰ মাহত ভাৰতীয় সেনাই ১০০ ৰ’ব’ ড’গ অৰ্ডাৰ দিছিল।
কি কি কৰিব পাৰে ৰ’ব’ ড’গে?
এই ৰ’ব’ ড’গত সংস্থাপিত হৈ থাকে বহু ছেন্সৰৰ লগতে কেমেৰা। যাৰ বাবে অতি সহজতে সীমান্তৰ পৰা বহু দূৰলৈ দৃষ্টি ৰাখিব পাৰে ৰ’ব’ ড’গে। এই ৰ’ব’ ড’গক ৰিমট কণ্ট্ৰলেৰে পৰিচালিত কৰিব পৰা যায়। গাঁত থকা ৰাস্তা, বেয়া ৰাস্তা, দুৰ্গম এলেকাৰ লগতে পাহাৰতো উঠিব পাৰে এই ৰ’ব’ ড’গ। এই ৰ’ব’ ড’গত সংস্থাপিত হৈ থাকে ভয়ানক অস্ত্ৰ। প্ৰয়োজনত শত্ৰুৰ ওপৰত গুলীচালনা কৰিব পৰা ক্ষমতা আছে ৰ’ব’ ড’গত। যদিহে ৰ’ব’ ড’গৰ প্ৰদৰ্শন সুবিধাজনক হয় তেন্তে সেনাই হাজাৰ হাজাৰ ৰ’ব’ ড’গ অৰ্ডাৰ দিব বুলি জানিব পৰা গৈছে। দ্য প্ৰিণ্টৰ তথ্য অনুসৰি জৰুৰকালীনভাবে কম সংখ্যক ক্ৰয় কৰা হৈছিল ৰ’ব’ ড’গ। ৩০০ কোটি টকাহে অনুমোদন কৰা হৈছিল ৰ’ব’ ড’গৰ বাবে। যদিহে এই ৰ’ব’ ড’গে ভাল প্ৰদৰ্শন কৰিব পাৰে তেন্তে বহু সংখ্যাক ৰ’ব’ ড’গ অৰ্ডাৰ কৰিব ভাৰতীয় সেনাই।