আগন্তুক বকৰী ঈদক লৈ ঘোষণা কৰা হৈছে বহু কেইটা ডাঙৰ ডাঙৰ নিৰ্দেশনা। এই নিৰ্দেশনা পালন নকৰিলে পৰিব লাগিব প্ৰশাসনৰ ৰোষত। উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি বিষয়া সমূহৰ লগতে আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে।
ঈদৰ দিনা কোনেও ৰাজপথত পঢ়িব নোৱাৰিব নামাজ। নিষিদ্ধ কৰা প্ৰাণীসমূহক দিব নোৱাৰিব কুৰবানী। কোনে লোকে যদি নিষিদ্ধৰ তালিকাত থকা প্ৰাণী কুৰবানী দিয়ে তেন্তে লগে লগে চৰকাৰে ল’ব কঠোৰ পদক্ষেপ।
বকৰী ঈদৰ কুৰবানীৰ বাবে স্থান নিৰ্বাচিত কৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছে যোগী আদিত্য নাথে। কুৰবানীৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগিব। ঈদৰ দিনা দুষ্টামি-উদ্ভণ্ডালি সৃষ্টি কৰা লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হ’ব বুলিও দোহাৰে মুখ্যমন্ত্ৰীয়ে।
কুৰবানী দিয়াৰ সময়ত তোলা ফটো কোনেও ছ’চিয়েল মিডিয়াত দিব নোৱাৰিব। সেয়ে ছাইবাৰ চেলৰ বিশেষ দলে নজৰ ৰাখিব ছ’চিয়েল মিডিয়াৰ ওপৰত। ১৭ জুনৰ ঈদৰ বাবে ইতিমধ্যে ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াই জাৰি কৰিছে এটা হেল্প লাইন নম্বৰ। হেল্প লাইন নম্বৰটোত ফোন কৰিলেই জানিব পাৰিব কুৰবানীৰ বাবে বান্ধি দিয়া নিয়ম সমূহ।